বাংলাদেশলৈ বিয়া দিলে আলফা নেতা অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাক

নিউজ ডেস্ক: ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱত উখল-মাখল পৰিবেশ৷ চোঁতালত ব্যস্ত আয়তীসকল৷ আয়তীৰ উৰুলীৰে মুখৰিত বিয়াঘৰ। মটক সমাজৰ পৰম্পৰা মতে বিবাহ অনুষ্ঠিত হ’ল৷ ৩০ ছেপ্টেম্বৰত ন-পুৰুষৰ সকাম, ১ অক্টোবৰত পানী তুলিলে আয়তীয়ে৷ মটক সমাজৰ পৰম্পৰাৰে ২ অক্টোবৰত অনুষ্ঠিত হ’ল মহাভোজ৷ হয়, এইখন অনুপ চেতিয়াৰ কন্যাৰ বিয়া৷ অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাক বিয়া কৰাবলৈ দৰাৰ সাজত আহিল বাংলাদেশৰ যুৱক। বাংলাদেশৰ কুমিল্লাৰ অনিৰ্বাণ চৌধুৰীৰ সৈতে বিয়াত বহিল বন্যা। জেৰাই গাঁৱত বিয়া ধুমধামেৰে হ’ল যদিও অষ্ট্ৰেলিয়াতো হ’ব বিয়াৰ অভ্যৰ্থনা। মেলবৰ্ণৰ ইস্কন মন্দিৰত অনুষ্ঠিত হ’ব বিয়াৰ আন এক পাৰ্টী৷ মেলবৰ্ণৰ পাৰ্টীত উপস্থিত থাকিব অনুপ চেতিয়াৰ পৰিয়াল৷ ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত বিবাহ সম্পন্ন হ’ব বন্যা-অনিৰ্বাণৰ৷ বিবাহৰ পাছতে স্বামী-স্ত্ৰী অষ্ট্ৰেলিয়াতে থাকিব৷
প্ৰায় ২০ টা বছৰ অনুপ চেতিয়া আছিল বাংলাদেশৰ কাৰাগাৰত৷ সেই সময়তে অনুপ চেতিয়াৰ কন্যাই অধ্যয়ন কৰিছিল বাংলাদেশৰ ৰাজধানী ঢাকাৰ ধনমণ্ডি মাষ্টাৰমাইণ্ড ইণ্টাৰনেচনেল স্কুলত৷ একেখন স্কুলতে পঢ়িছিল অনিৰ্বাণে৷ পঢ়াকালৰ পৰাই দুয়োজনৰ হৈছিল প্ৰেম৷ একেলগে পঢ়ি থকাৰ সময়তে ইজনে-সিজনৰ হোৱাৰ শপত লৈছিল৷ শেষত বাংলাদেশৰ যুৱকৰ সৈতে বিয়াত বহিল অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাই। বাংলাদেশৰ সম্ভ্ৰান্ত ঘৰৰ সন্তান অনিৰ্বাণ চৌধুৰীৰ সৈতে বিয়াত বহিলেও অনিৰ্বাণ থাকিব অষ্ট্ৰেলিয়াত৷ কৰ্মসূত্ৰে অষ্ট্ৰেলিয়াত থাকিলেও অনিৰ্বাণৰ ঘৰ বাংলাদেশত।
বিদ্ৰোহী অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱা৷ একালৰ আলফাৰ দুৰ্ধৰ্ষ শীৰ্ষ নেতা৷ স্বাধীন অসমৰ দাবীত হাতত অস্ত্ৰ-শস্ত্ৰ তুলি লৈ গৈছিল জংঘললৈ৷ বিদ্ৰোহ কৰি থকাৰ সময়তে ধৰা পৰিছিল বাংলাদেশৰ নিৰাপত্তাৰক্ষীৰ হাতত৷ অবৈধভাৱে বাংলাদেশত বসবাস, বিদেশী মুদ্ৰা ব্যৱহাৰ আৰু ছেটেলাইট ফোন ৰখাৰ অভিযোগত বাংলাদেশৰ আদালতত চলিল গোচৰৰ শুনানি৷ শুনানিৰ অন্তত ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড অনুপ চেতিয়াক৷ ১৪ বছৰে বাংলাদেশৰ কাৰাগাৰত কটোৱাৰ পাছত ২০০৪ চনত শাস্তিৰ ম্যাদ উকলিল। ২০১৫ চনৰ ১২ নৱেম্বৰত বাংলাদেশৰ কাশিমপুৰ কাৰাগাৰৰ পৰা উলিয়াই ভাৰতক গতাই দিলে চেতিয়াক। অসমলৈ অনা হ’ল চেতিয়াক৷ এইবাৰ ভাৰত চৰকাৰৰ সৈতে আলফাৰ আলোচনাপন্থী গোটৰ হৈ শান্তি আলোচনাৰ কৰাৰ লগতে অনুপ চেতিয়াই আৰম্ভ কৰিলে সামাজিক জীৱন৷ বাংলাদেশৰ সৈতে অনুপ চেতিয়াৰ আছে বহু স্মৃতি৷ তেনেদৰে অনুপ চেতিয়াৰ সন্তানৰো আছে বাংলাদেশত থকা কালৰ বহু স্মৃতি৷ কন্যা সন্তান বন্যা বৰুৱাই বাংলাদেশৰ স্কুলতে পঢ়িছিল৷ বন্যাই বাংলাদেশত থাকোঁতেই অনিৰ্বাণ চৌধুৰীৰ প্ৰেমত পৰিছিল৷ আৰু সেই প্ৰেমক মান্যতা দিলে পিতৃ অনুপ চেতিয়াই৷
দীৰ্ঘ সময়ত বাংলাদেশত কটোৱাৰ ফলত বাংলাদেশৰ এটি চিনাকী নাম অনুপ চেতিয়া৷ তেনেস্থলত বাংলাদেশৰ যুৱকৰ সৈতে অনুপ চেতিয়াৰ কন্যাৰ বিয়া৷ বিয়াৰ কথা প্ৰকাশ হোৱাৰ পাছতে বাংলাদেশত ব্যাপক চৰ্চা হৈছে৷ বাংলাদেশৰ সংবাদমাধ্যমত এই বিয়াখনক লৈ ব্যাপক চৰ্চা চলিছে৷ এই বিষয়ত অনুপ চেতিয়াক সোধা এক প্ৰশ্ন উত্তৰক কয় যে ঢাকাৰ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত পঢ়ি থাকোতে তেওঁলোক দুয়ো দুয়োকে লগ পাইছিল। তাতেই তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক। সেইবাবেই তেওঁলোকৰ ইচ্ছাক সন্মান জনাই দুয়োৰে বিয়াত সন্মতি দিয়ে। চেতিয়াই আৰু কয় যে তেওঁ দীৰ্ঘ ২৮ বছৰ ধৰি বাংলাদেশত বাস কৰি আছিল। বাংলাদেশৰ জনসাধাৰণৰ আতিথ্য আৰু মৰম লাভ কৰিছিল। এই বিবাহত সন্মতি দিয়াৰ এয়াও অন্যতম কাৰণ।