বলিউদৰ কিংবদন্তী গায়ক উদিত নাৰায়ণৰ হাৰ্ট এটেক হৈছে নেকি? কি কয় তেওঁৰ মেনেজাৰে

নিউজ ডেস্ক: বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বলিউদৰ কিংবদন্তী গায়ক উদিত নাৰায়ণৰ হাৰ্ট এটেক হোৱাৰ খবৰ। প্ৰকৃতে হাৰ্ট এটেক আহিছিল নে উদিত নাৰায়ণৰ?
তেওঁৰ মেনেজাৰে সামাজিক মাধ্যমক জনোৱা অনুসৰি সুস্থ আছে কিংবদন্তী গায়কগৰাকী। তেওঁ কৈছিল যে উদিত নাৰায়ণৰ হাৰ্ট এটেক সম্পৰ্কে প্ৰচাৰিত হোৱা বাতৰি সম্পূৰ্ণ ভূল। তেওঁ ভালে আছে। হাৰ্ট এটেক হোৱা বাতৰি ভাইৰেল হোৱাৰ লগে লগে বহুতে খবৰ ল’বৰ বাবে ফোন কৰিছে।
খবৰটো কোনে কেনেদৰে ভাইৰেল কৰিলে সেই বিষয়ে বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই।