Local, Vocal, Global

গণ ধৰ্ষণৰ বলি ১৫ বছৰীয়া কিশোৰী, মামুদ-আক্কাছ-আজিবুলক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: পুনৰ ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা কাণ্ড৷ দুৰ্গা পূজাৰ মাজতে এগৰাকী যুৱতীক গণ ধৰ্ষণৰ বলি হোৱাৰ অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ তিনি লম্পটে নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰা জিলাত৷

গোৱালপাৰা জিলাৰ অগিয়াত ১৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ অভিযোগ উত্থাপন৷ তিনি লম্পটে দুৰ্গা পূজাৰ আনন্দ উলাহৰ মাজতে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰে৷

১ অক্টোবৰত এই ঘটনা সংঘটিত হোৱা বুলি অগিয়াৰ এটা পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল৷ কিশোৰীগৰাকীৰ পৰিয়ালে ৩ অক্টোবৰত নিকৃষ্ট কাণ্ড সন্দৰ্ভত এক অভিযোগ দাখিল কৰে।

গোৱালপাৰা আৰক্ষীয়ে তিনি অভিযুক্ত মামুদ আলম, আক্কাছ আলী আৰু আজিবুল হক বুলি চিনাক্ত কৰিছে৷ হৈছে। তিনি অভিযুক্তক আৰক্ষীৰ জালত পৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি থকা বুলি কয়৷