দশভুজাই আজি ধৰাৰ পৰা বিদায় ল’ব, গুৱাহাটীত ৪০০ প্ৰতিমাৰ বিসৰ্জন
নিউজ ডেস্ক: হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী দেশভুজাই আজি ধৰাৰ পৰা বিদায় ল’ব৷ বিগত চাৰিদিন ভক্তক দৰ্শন দিয়াৰ পাছতে আজি ধৰাৰ পৰা উভতি যাব৷ দুৰ্গা দেৱীৰ ভক্তসকল আজি ম্ৰিয়মান৷ চাৰিটা দিনত দেৱী মাৰ পৰা নিজৰ লগতে পৰিয়াল আৰু বিশ্ব শান্তিৰ বাবে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে ভক্তসকলে৷ দেৱীৰ আশীষ লৈ দশ আৰু দহৰ মংগল কামনা কৰিলে ভক্তসকলে৷
আজি বিজয়া দশমী। দুৰ্গা পূজাৰ শেষ দিন৷ আজি দেৱীক অশ্ৰুসিক্ত নয়েনেৰে বিদায় দিয়া হ’ব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো প্ৰতিমা বিসৰ্জনৰ বাবে সাজু হৈছে পূজা সমিতি তথা স্থানীয় প্ৰশাসন৷ গুৱাহাটীত ৪০০ প্ৰতিমা বিসৰ্জন দিয়া হ’ব।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাট, কাছমাৰী ঘাটত প্ৰতিমা বিসৰ্জন দিয় হ’ব। আজি পুৱা ১০ বজাৰ পৰা কাইলৈ সন্ধিয়া ৫ বজালৈ প্ৰতিমা বিসৰ্জন দিয়া হ’ব। পাণ্ডুঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খোদ উপস্থিত থাকি প্ৰতিমা বসৰ্জনৰ দৃশ্য প্ৰত্যক্ষ কৰিব৷
প্ৰতিটো পাণ্ডুঘাটৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হ’ব৷ নিৰ্দিষ্টসংখ্যক লোকে ঘাটলৈ গৈ প্ৰতিমা বসৰ্জন দিব পাৰিব৷ ঘাটত মহানগৰ জিলা প্ৰশাসন, আৰক্ষী, SDRF, NDRF, অগ্নিনিৰ্বাপক বাহিনী সাজু থাকিব।