সাপ সোমাল-ফ্লাট লাইট নুমালঃ মনত পেলালে হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰীক

২০২০ চনৰ জানুৱাৰী মাহৰ কথা মনত আছে নে৷ অসম ক্ৰিকেট সন্থাৰ কৰ্ম কাণ্ডই বিশ্বত অসমত লজ্জানত কৰিছিল। গুৱাহাটীত অনুষ্ঠিত ভাৰত শ্ৰীলংকাৰ মাজৰ আইচিচি টী-২০ খেলৰ সময়ত বৰষুণৰ পানী শুকাবলৈ হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰী ব্যৱহাৰ কৰিছিল৷ বিশ্ববাসীৰ সন্মুখত চিৰদিনৰ বাবে অসমক লজ্জিত কৰিছিল এচিএ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক লৈ ধাৰাষাৰ বিদ্ৰুপ হোৱাক লৈ অকনো অনুশোচনা নাই বিত্তশালী সংস্থাৰ এচাম কৰ্মকৰ্তাৰ। অসম ক্ৰিকেট সন্থাই চুলি শুকোৱা হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰী ব্যৱহাৰৰ কৰি সমালোচিত হলেও লাজ যেন নাই৷
ক্ৰিকেট প্ৰেমিয়ে ভাবিছিল অসম ক্ৰিকেট সন্থাই অতীতৰ ভুলৰ পৰা শিক্ষা লৈছে৷ কিন্তু তেনে হোৱা দেখা নগ’ল৷ কিয়নো দীৰ্ঘ ক’ভিড পৰিস্থিতিৰ অন্তত আজি গুৱাহাটী অনুষ্ঠিত হৈছে এখন আন্তঃৰাষ্ট্ৰীয় মেচ৷ ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আজি আনুষ্ঠিত হৈ আছে গুৰুত্বপূৰ্ণ মেচ৷ ক্ৰিকেট বলিয়া অসমবাসীয়ে শান্তিৰে খেল উপভোগ কৰিবলৈ ৰৈ আছিল৷ বতৰো আজি সুন্দৰ৷ কিন্তু অসম ক্ৰিকেট সন্থাৰ বাবে বাৰে বাৰে খেল ৰৈ থাকিবলগীয়া হ’ল৷ প্ৰথমে ইনিংছত ষ্টেডিয়ামত ওলাল এটা প্ৰকাণ্ড সাপ৷ এডাল সাপে ফিল্ডৰ মাজভাগ পোৱাত খেল দীৰ্ঘ সময় স্থগিত ৰাখিব লগীয়া হয়৷ খেলপথাৰ এৰিবলগীয়া হয় খেলুৱৈয়ে৷ দ্বিতীয় ইনিংছত হঠাতে নুমুৱাই গল ফ্লাট লাইট৷ ফ্লাট লাইট নুমাই যোৱাৰ ফলত দীৰ্ঘ সময়ত খেল স্থগিত ৰাখিবলগীয়া হয়৷ দুবাৰকৈ খেল স্থগিত কৰিবলগীয়া হোৱাৰ ঘটনাই প্ৰমাণ কৰে যে অসম ক্ৰিকেট সন্থাই পূৰ্বৰ ভুলৰ পৰা শিক্ষা লোৱা নাই৷ প্ৰস্তুতি সম্পূৰ্ণ বুলি মিডিয়াৰ আগত কথাৰ ফুলজাৰি মাৰি অহা অসম সন্থাই প্ৰস্তুত যেন হোৱা নাছিল৷ সেই কথাকেই প্ৰতিপন্ন কৰিছে৷
উল্লেখযোগ্য যে, ফ্লাট লাইট মেৰামতি কৰাৰ লগতে ততাতৈয়াকৈ সাপ দুটাক সৰ্প বিশেষজ্ঞৰ দলে উদ্ধাৰ কৰি খেলপথাৰৰ পৰা লৈ যোৱাত পুনৰ খেল আৰম্ভ হয়৷ খেলপথাৰত সাপেও এনেদৰে খেল দেখুওৱাত কমেণ্টেটৰ হৰ্ষ ভোগলেই টুইট কৰি লিখিলে, ‘মোৰ জীৱনত এয়াই প্ৰথম৷ এটা নহয়, এইবাৰ আৰু এটা সাপ দেখা গৈছে খেলপথাৰত৷ কিন্তু ষ্টাফসকল সাজু হৈয়েই থকা যেন লাগিছে৷ লগে লগে সাপ দুটাক ধৰি লৈ গ’ল৷’