ওপজা দিনটোত এইখন অসমতে বাপু গান্ধীক লজ্জানত কৰিলে কোনে?

নিউজ ডেস্ক : আজি গান্ধী জয়ন্তী। এইগৰাকী বাপু গান্ধীয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা কৈ গাঁও উন্নয়নৰ কথা কৈছিল। কিন্তু আজি গান্ধীৰ জন্মজয়ন্তীত এখম গাঁও পঞ্চায়তৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে সভা পতাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পবিত্ৰ দিনটোত বাপু গান্ধীক লজ্জানত কৰিলে পঞ্চায়ত সভাপতিয়ে।
গান্ধী জয়ন্তীৰ দিনটোতে মৰিগাঁৱৰ মৈৰাবাৰীৰ বৰবৰী গাঁও পঞ্চায়তৰ সভাপতিক গ্ৰেপ্তাৰৰ দাবী জনালে ৰাইজে। পঞ্চায়ত সভাপতি মজনুৰ হুছেইনৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আনিছে ৱাৰ্ড সদস্যসকলে।
আজি গাঁও পঞ্চায়তত অনুষ্ঠিত গাঁও সভাত সভাপতিগৰাকীয়ে উপস্থিত নথকাৰ লগতে নীতি বহিৰ্ভূতভাৱে আঁচনি প্ৰস্তুত কৰাৰ অভিযোগ আনে ৰাইজে। পঞ্চায়ত সচিবক সভাপতিগৰাকীয়ে ভয় ভাবুকি দেখুৱাই ভুল পথে পৰিচালিত কৰাৰো অভিযোগ সচিবগৰাকীৰ।
ৰাইজৰ ৰোষত পৰাৰ ভয়তে পঞ্চায়ত সভাপতিগৰাকীয়ে পূৰ্বৰে পৰা সকলো গাঁও সভাতে অনুপস্থিত থকাৰ অভিযোগ ৰাইজৰ। সভাপতিৰ অনুপস্থিতত প্ৰাক্তন পঞ্চায়ত সভাপতিয়ে চলালে বিশেষ গাঁওসভা। মৰিগাঁৱৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰবৰী গাঁও পঞ্চায়তৰ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।