Local, Vocal, Global

বৰ্ষাপাৰা ষ্টেডিয়ামত আজি সৰ্বমুঠ কেইটা সাপ ওলাল?

গুৱাহাটীঃ বৰ্ষাপাৰা ষ্টেডিয়ামত পূৰ্ণগতিত চলি আছে খেল৷ সমুখ সমৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকা৷ ভাৰতীয় বেটাৰৰ বিস্ফোৰক বেটিঙত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে প্ৰ’টিয়াজ বাহিনীৰ বলিং লাইনআপ৷

নামেই বৰ্ষাপাৰা৷ সকলোৱে ভাবিছিল বৰষুণ এজাক আহিব৷ অৱশেষত বৰষুণ আহিল যদিও কিনকিনিয়া হোৱাত খেলত কোনো বিধি-পথালি দিব নোৱাৰিলে৷ কিন্তু তাৰ মাজতেই ঘটিল অথন্তৰ৷ দৃশ্য দেখি হতবাক হৈ পৰিল সমগ্ৰ ক্ৰিকেট বিশ্ব৷

হতবাক হোৱাৰেই পাল৷ কিয়নো এটা নহয়, দেওবাৰে ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচৰ মাজত খেলপথাৰত প্ৰৱেশ কৰিলে দুটাকৈ সাপ৷ অৱশ্যে ততাতৈয়াকৈ সাপ দুটাক সৰ্প বিশেষজ্ঞৰ দলে উদ্ধাৰ কৰি খেলপথাৰৰ পৰা লৈ যোৱাত পুনৰ খেল আৰম্ভ হয়৷

খেলপথাৰত সাপেও এনেদৰে খেল দেখুওৱাত কমেণ্টেটৰ হৰ্ষ ভোগলেই টুইট কৰি লিখিলে, ‘মোৰ জীৱনত এয়াই প্ৰথম৷ এটা নহয়, এইবাৰ আৰু এটা সাপ দেখা গৈছে খেলপথাৰত৷ কিন্তু ষ্টাফসকল সাজু হৈয়েই থকা যেন লাগিছে৷ লগে লগে সাপ দুটাক ধৰি লৈ গ’ল৷’

কেৱল হৰ্ষ ভোগলেই নহয়, গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত খেলৰ মাজতে এনেদৰে সাপ ওলোৱা বাতৰিয়ে এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বতে চৰ্চিত হৈ পৰিছে৷ সাপকলৈ এতিয়া আৰম্ভ হৈছে টুইটৰ বৰষুণ৷ অসমৰ নেটিজেনসকলে লিখিছে, ‘আগৰবাৰ খেলত হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰী দেখিছিলো, এইবাৰ সাপ দেখিলো৷’

বৰ্ষাপাৰাত ভাৰত-প্ৰ’টিয়াজ বাহিনীৰ মেচৰ মাজত সাপ ওলোৱাক লৈ পাকিস্তানৰ ক্ৰিকেট প্ৰেমীয়েও টুইট কৰা দেখা গৈছে৷ এজন পাক ক্ৰিকেট অনুৰাগীয়ে লিখিছে, ‘সাপকো ষ্টেডিয়ামলৈ আহিবলৈ দিছে, কিন্তু আমাক নিদিয়ে৷’ আন এজন টুইটাৰ ইউজাৰে আকৌ লিখিছে, ‘এয়াই বিচিচিআই, বিশ্বৰ ধনী ক্ৰিকেট সংস্থা!’

এইদৰেই এতিয়া অসমৰ সাপক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলা দেখা গৈছে৷ তাৰ মাজতে ভাৰতৰ বহু ইউজাৰে ষ্টেডিয়ামত সাপ ওলোৱাক লৈ অসমক জংঘলৰ দেশ বুলি কোৱাও পৰিলক্ষিত হৈছে৷