Local, Vocal, Global

ধুবুৰীবাসীয়ে হেৰুৱালে সৎ ACS বিষয়া, ৫ দিনৰ মূৰত উদ্ধাৰ সঞ্জু দাসৰ মৃতদেহ

ধুবুৰী জিলাৰ ভাষানীৰ চৰৰ নাওঁ দুৰ্ঘটনাৰ অন্তিমগৰাকী যাত্ৰী চক্ৰ বিষয়া সঞ্জু দাসৰ আজি মৃতদেহ উদ্ধাৰ হয়৷ উদ্ধাৰকাৰী দলে আজি পুৱাই ওপঙি থকা অৱস্থাত দুৰ্ঘটনাস্থলীৰ পৰা ১ কিলোমিটাৰ নিলগত মৃতদেহ উদ্ধাৰ হয়৷ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ আজিয়েই চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ নিজ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিব প্ৰশাসনে৷ ইপিনে সৎ বিষয়া হিচাপে চৰ্চিত সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে শোকাকুল পৰিবেশ বিৰাজ কৰিছে৷ সৰ্বাধাৰণৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলা চক্ৰ বিষয়া দাসৰ মৃত্যু কাণ্ডক সহজে লোৱা নাই ধুবুৰীবাসীয়ে৷ এই ঘটনাক লৈ সন্দেহ কৰি দুৰ্ঘটনাৰ তদন্ত দাবী কৰিছে৷

বিগত ৫টা দিনেই দিনে-নিশাই লুইতৰ দুয়পাৰো মানুহে মানুহ ভৰি পৰিছে৷ সঞ্জু দাসৰ পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

উল্লেখ্য যে, ধুবুৰীত বৃহস্পতিবাৰে নিৰ্মাণৰত দলঙৰ খুঁটাত খুন্দা মৰা নাওখনত আছিল মুঠ ২৯ জন লোক৷ ইতিমধ্যে ২৮ জন ব্যক্তি উদ্ধাৰ হৈছিল৷ কেৱল ধুবৰী চক্ৰ বিষয়া সঞ্জু দাস নিৰুদ্ধেশ হৈ আছিল৷ আজি পুৱাৰে পৰাই উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ হয়। ১২ স্পীড বৰ্ড, ড্ৰোণেৰে অভিযান চলাই আছিল প্ৰশাসনে৷ নাওঁ দুৰ্ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া জড়িত হৈ আছিল৷

উল্লেখ্য যে, ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস এজন সৎ বিষয়া হিচাপে জনা গৈছিল৷ ধুবুৰীত অহাৰ পাছত চক্ৰ বিষয়াৰ কাৰ্যালয়ত যথেষ্ট দুৰ্নীতি বন্ধ কৰিবলৈ সক্ষম হৈছিল৷ ধুবুৰী উপায়ুক্তই বাংলাদেশ চৰকাৰৰ লগতো যোগাযোগ কৰিছিল। কাৰণ দুৰ্ঘটনাৰ স্থানৰ পৰা বাংলাদেশ সীমান্তৰ দূৰত্ব প্ৰায় পাঁচ কিলোমিটাৰ।