চৌদি আৰৱৰ নতুন প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমান

নিউজ ডেস্ক : মঙলবাৰে নিশা ঘোষণা কৰিছে চৌদি আৰৱৰ এক চৰকাৰী সালসলনি। চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনীত হৈছে শক্তিশালী ৰাজকুমাৰ মহম্মদ বিন ছলমান।
চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী পদটো পৰম্পৰাগতভাৱে ৰজাৰ হাতত থকা পদ।
কেইবা বছৰ ধৰি ৰাজ্যখনৰ প্ৰকৃত শাসক হৈ থকা মহম্মদ বিন ছলমান ইয়াৰ পূৰ্বে ৰজা ছলমানৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰীৰ অধীনত উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
উল্লেখ্য যে, পূৰ্বৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী তথা মহম্মদ বিন ছলমানৰ কনিষ্ঠ ভাতৃ খালিদ বিন ছলমানক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সলনি কৰিছে।
চৰকাৰী চৌদি প্ৰেছ এজেন্সিৰ দ্বাৰা প্ৰকাশিত ৰজা ছলমানৰ ৰাজকীয় আদেশ অনুসৰি আভ্যন্তৰীণ, বৈদেশিক আৰু শক্তিকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ মুৰব্বীসকল একেদৰেই আছে।