বশিষ্ট অঞ্চলত আৰক্ষীৰ অভিযান, দুষ্প্ৰাপ্য কেকো সাপ সহ গ্ৰেপ্তাৰ এজন

নিউজ ডেস্ক : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰাং সৰবৰাহ। প্ৰত্যেক দিনাই আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ পৰা সৰবৰাহ কৰা সমগ্ৰী উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীকো আটক কৰে।
মঙলবাৰে মহানগৰীৰ বশিষ্ট অঞ্চলত আৰক্ষীয়ে এজন ব্যক্তিৰ পৰা এটা দুষ্প্ৰাপ্য কেকো সাপ উদ্ধাৰ কৰে।
বাতৰি অনুসৰি নিদ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি মহানগৰ আৰক্ষীয়ে অভযান চলাই উদ্ধাৰ কৰে কেকো সাপটো। লগতে কেকো সাপটো সৰবৰাহৰ লগত জড়িত এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকজনক প্ৰণৱ ৰংহাং বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, উদ্ধাৰ কৰা কেকো সাপটো আৰক্ষীয়ে বন বিভাগক হস্তান্তৰ কৰে।
খবৰ অনুসৰি মাত্ৰ এটা কেকো সাপ কেইবালাখ মূল্যত বিক্ৰী হয়।