চীন আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে নেকি ভাৰতে?

নিউজ ডেস্ক : তেজপুৰ বিমানঘাটীত SU-30 MKI যুদ্ধ বিমানৰ সফল অনুশীলন। একেদিনাই ২৭ চেপ্তেম্বৰত দিনৰ ১১ বজাত গুৱাহাটীৰ আকাশতো বায়ুসেনাবাহিনীৰ বিমানে প্ৰদৰ্শন কৰে যুদ্ধ বিমানৰ কৌশল। এয়াৰ শ্ব’ত উজ্বলি উঠে বায়ুসেনাবাহিনীৰ দৃষিটিনন্দন স্বাভিমান। একেসময়তে ভাৰতীয় বায়ু সেনাবাহিনীৰ শীৰ্ষ পদাধিকাৰীৰ উদ্ধৃতি দি পৰিৱেশন কৰিছে গুৰুত্বপূৰ্ণ সংবাদ। টুইটাৰতো প্ৰকাশ হৈছে ইয়াৰ তথ্য। বায়ু সেনাবাহিনীৰ বিষয়াই সদৰী কৰা অনুসৰি উত্তৰ পূৱলৈ অধিত উন্নত আৰু শক্তিশালী যুদ্ধ বিমান প্ৰেৰণৰ সিদ্ধান্ত লৈছে বায়ু সেনাবাহিনীয়ে।
এই তথ্য খোদ বায়ু সেনাবাহিনীয়ে ৰাজহুৱা কৰিছে। কিন্তু এইখিনিতে প্ৰশ্ন উদয় হয় চুবুৰীয়া ৰাষ্ট্ৰ চীনক চাপত ৰখাৰ উদ্দেশ্যে ভাৰত চৰকাৰে এই সিদ্ধান্ত লৈছে নেকি? ভাৰতৰ লাডাখ সীমান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ তিব্বততো চীনে দীৰ্ঘদিনৰ পৰা অব্যাহত ৰাখিছে সামৰিক আগ্ৰাসন। এই সামৰিক আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে নেকি ভাৰত? কিয়নো ইতিম্ধ্যে চীনৰ ৰাষ্ট্ৰপতি জিন পিং ক্ষমতাৰ পৰা অপসাৰিত হোৱা বুলিও প্ৰচাৰ হৈছে সংবাদ মাধ্যমত। অৱশ্যে, সমাজতান্ত্ৰিক ৰাষ্ট্ৰখনে অদ্যপি ঘোষণা কৰা নাই চৰকাৰী তথ্য।
সাম্প্ৰতিক সময়ত আভ্যন্তৰীণ বিবাদত জুৰুলা হৈছে চুবুৰীয়া চীন দেশ। পিপলচ লিবাৰেচন আৰ্মী জড়িত হৈছে দেশৰ শাসন ব্যৱস্থাত। আৰু সেই সময়ত অসম সহঃ উত্তৰপূৰ্বাঞ্চলত যুদ্ধ বিমানৰ আখৰা আৰম্ভ কৰিছে ভাৰতৰ বায়ু সেনাবাহিনীয়ে। কেৱল সিমানেই নহয় উত্তৰপূৰ্বাঞ্চলৰ অন্যতম সামৰিক ঘাটি তেজপুৰলৈ অধিক যুদ্ধ বিমান প্ৰেৰণ কৰা হ’ব বুলিও সংবাদ প্ৰতিস্থানক জানিবলৈ দিছে বায়ু সেনাবাহিনীৰ শীৰ্ষ বিষয়াই। অন্য অৰ্থত এই সময়ত চীনৰ সামৰিক আগ্ৰাসন মষিমুৰ কৰিবলৈও হয়তো পৰিকল্পনা ৰচিছে ভাৰত চৰকাৰে। আৰু যদি সেয়ে হয় তেন্তে অচিৰেই বাজি উঠিব পাৰে চীন আক্ৰমণ অথবা চীন ভাৰত যুদ্ধৰ ভয়ংকৰ দামামা।