Local, Vocal, Global

ৰুটি বিচাৰি হাঁহাকাৰ অৱস্থা চিংগাপুৰৰ

নিউজ ডেস্ক: চিংগাপুৰত আৰম্ভ হৈছে খাদ্য সংকট। ৰুটি বিচাৰি হাঁহাকাৰ অৱস্থা চহৰ ৰাষ্ট্ৰখনৰ। আটাৰ নাটনিয়ে জুৰুলা কৰিছে চিংগাপুৰবাসীক।
এক কিলোগ্ৰাম আটাৰ বাবে এহেজাৰ টকা দিব লগা হৈছে নাগৰিকে। কিন্তু কিয় ধনী ৰাষ্ট্ৰখনত এই সংকট?

হঠাৎ আটাৰ নাটনি কিয়?

ভাৰতে আটাৰ ৰপ্তানি বন্ধ কৰাৰ লগে লগে নাটনি হৈছে চিংগাপুৰত । চলিত বৰ্ষৰ মে’ মাহৰ পৰা আটাৰ ৰপ্তানি বন্ধ কৰিছে ভাৰতে।

চিংগাপুৰে ভাৰতৰ পৰা ৰপ্তানি কৰা আটাৰ দাম প্ৰতি কিলোগ্ৰামত ২৭৮ টকা। ডুবাইৰ পৰা ৰপ্তানি কৰা আটাৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮৩৬ টকা।

চিংগাপুৰে প্ৰতি বছৰে ২.৫০ লাখ মেট্ৰিক টন আটা ৰপ্তানি কৰে। ভাৰতে আটা ৰপ্তানি বন্ধ ৰাখিলে চিংগাপুৰত এক কিলো আটাৰ দাম এক হাজাৰ টকাৰো অধিক হ’ব।