এখন নিৰ্মাণাধীন দেৱালে প্ৰাণ কাঢ়িলে চাৰিজনকৈ শ্ৰমিকৰ

নিউজ ডেস্ক : নয়ডাৰ চেক্টৰ-২১ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মংগলবাৰে জলবায়ু বিহাৰৰ সমীপৰ এখন নিৰ্মাণাধীন দেৱাল খহি পৰাৰ ফলত ৪ জনকৈ শ্ৰমিক নিহত হৈছে। আনহাতে এই ঘটনাত আহত হৈছে ৯ জনকৈ শ্ৰমিক।
আহত লোকসকলক আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰায়।
তাৰোপৰি শোকাৱহ দুৰ্ঘটনাটোত আন কেইবাজনোলোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হোৱাৰ আশংকা কৰি আৰক্ষীয়ে স্থানীয় লোকসকলৰ সৈতে উদ্ধাৰ অভিযান চলাই আছে।
আনহাতে, এই ঘটনাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। লগতে তেওঁ জ্যেষ্ঠ বিষয়াসকলক তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হ’বলৈ আৰু যুদ্ধকালীন পৰ্যায়ত সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছে।