লিডুৰ কয়লা খনিৰ দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্যিক বিধানসভাক সম্বোধন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
নিউজ ডেস্ক : সোমবাৰে ৰাজ্যিক বিধানসভাক সম্বোধন কৰি অসমৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে তিনিচুকীয়াৰ লিডুৰ কয়লা খনিত মৃত্যু হোৱা শ্ৰমিকসকল প্ৰকৃততে চুৰি কৰাৰ উদ্দেশ্যৰে কয়লা খনিলৈ গৈছিল।
হাজৰিকাৰ মতে, মৃত্যু হোৱা শ্ৰমিকসকলক অনা-অসমীয়া কয়লা মাফিয়াই নিয়োজিত কৰিছিল।
হাজৰিকাই কয়, “লিডুত অবৈধ কয়লা খনন কৰা হৈছে। কয়লা খনিত চুৰি কৰিবলৈ চেষ্টা কৰি লোকসকলে প্ৰাণ হেৰুৱাইছিল। আন কিছুমানে তেওঁলোকক পথাৰত সমাধিস্থ কৰিছিল।”
আনহাতে, কংগ্ৰেছ আৰু AIUDFএ সমগ্ৰ ঘটনাটোৰ তদন্তৰ দাবী জনাইছে।
উল্লেখ্য যে, দেওবাৰে নিশা লিডুৰ এটা কয়লা খনিত গেছ লিক হোৱাৰ ফলত তিনিজন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
নিহতসকলক চাহিদুল ইছলাম, হুছেইন আলী আৰু আসমত আলী বুলি চিনাক্ত কৰা হৈছিল। ভুক্তভোগীসকলৰ পৰিয়ালে দাবী কৰিছিল যে কয়লা খনিৰ গৰাকীয়ে ঘটনাটো ঢাকিবলৈ চেষ্টা কৰি মাজনিশা জেচিবিৰ সহায়ত মৃতদেহবোৰ সমাধিস্থ কৰিছিল।