অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়ত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৰ মন্তব্য
নিউজ ডেস্ক : কেইবাটাও সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ (ST) মৰ্যাদা দিয়াৰ বিষয়টো সম্বোধন কৰি অসম বিধানসভাত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে সোমবাৰে কয় যে বিষয়টোৰ চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰৰ পৰা আহিব।
অসম বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনত ভাষণ দি পেগুৱে জানিবলৈ দিয়ে যে ৰাজ্যখনত চাহ জনজাতিৰ মুঠ ৯৮ টা উপ-শাখা আছে।
শিক্ষা মন্ত্ৰীয়ে বিধানসভাক জনায় যে, তেওঁলোকৰ ভিতৰত, অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে এনে ৩৬ টা উপ-শাখাৰ এটা গোট প্ৰস্তুত কৰা হৈছে।
তেওঁ আৰু কৈছিল যে অসমৰ ছয়টা জাতি-জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো কেন্দ্ৰৰ বিবেচনাধীন হৈ আছে।
তদুপৰি, পেগুৱে জানিবলৈ দিয়ে যে সংশ্লিষ্ট সম্প্ৰদায়সমূহৰ উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ এটা পেকেজ প্ৰস্তত কৰা হৈছে আৰু প্ৰতিটো সম্প্ৰদায়কে ২৫ কোটি টকাৰ পেকেজ প্ৰদান কৰা হৈছে।
এই ক্ষেত্ৰত উন্নয়ন আৰু স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছে বুলিও অসম কেবিনেট মন্ত্ৰীগৰাকীয়ে কয়।
উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে কেন্দ্ৰই ছত্তীশগড়, তামিলনাডু, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ অনুসূচীত জনজাতিৰ তালিকাত বিভিন্ন সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল।
কেন্দ্ৰৰ সিদ্ধান্তৰ পিছতে মতক যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ সন্থাই কেন্দ্ৰৰ সংশোধিত তালিকাত অসমৰ সম্প্ৰদায়সমূহক অন্তৰ্ভুক্ত নকৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল।