বন্ধুত্বৰ নিভাজ আবেগ সমৃদ্ধ এখন অসমীয়া চলচিত্ৰ ‘বন্ধু’ !
নিউজ ডেস্ক : এক মধুৰ সম্পৰ্ক হৈছে বন্ধুত্ব। বন্ধুত্বৰ নিভাজ আবেগেৰে অসমীয়া চলচিত্ৰ জগত তথা চলচিত্ৰ প্ৰেমীসকললৈ নয়ন নীলিমে আগবঢ়াইছে এখন সুন্দৰ চলচিত্ৰ ‘বন্ধু’।
নিৰলস প্ৰচেষ্টাৰ অন্তত অতি শীঘ্ৰে ছবিগৃহলৈ আহিব অমিত দীপক প্ৰডাকচন আৰু নয়ন নীলিম (Amit Deepak Production & Nayan Nilim)ৰ “বন্ধু” নামৰ অসমীয়া ছবিখন।
অহা ২১ ছেপ্তেম্বৰ তাৰিখে মুকলি হ’ব “বন্ধু” ছবিখনৰ ডিজিটেল পষ্টাৰ।
মহানগৰীৰ ছয়মাইলত অৱস্থিত হোটেল লিলি (Hotel Lily)ত ২১ ছেপ্তেম্বৰ তাৰিখে পুৱা ১০.৩০ বজাত আয়োজন কৰিছে এক মুকলি অনুষ্ঠানৰ।
মুকলি অনুস্থানত উপস্থিত থাকি বহুমূলীয়া দিহা-পৰামৰ্শ জনাই উৎসাহিত কৰিবৰ বাবে সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছে নয়ন নীলিমে।