ৰিক্সাচালকৰ ওচৰত কেনেকৈ আহিল পিষ্টল?
নিউজ ডেস্ক : মায়াৰ নগৰী হিচাপে পৰিচিত মহানগৰীত প্ৰত্যক দিনাই বিভিন্ন ৰহস্য উদঘাটন হয়। সোমবাৰে মহানগৰ আৰক্ষীয়ে এজন ৰিক্সাচালকক তেওঁৰ ওচৰত এটা ৭.৬২ এমএম পিষ্টল আৰু পাঁচটা সজীৱ গুলী থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।
অজয় কুমাৰ প্ৰসাদ বুলি চিনাক্ত কৰা অভিযুক্ত ৰিক্সাচালকজনক চহৰখনৰ পল্টন বজাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
আৰক্ষীয়ে কৈছিল যে তেওঁৰ ওচৰৰ পৰা এটা পিষ্টল আৰু কেইটামান গুলী জব্দ কৰা হৈছিল। জানিব পৰা অনুসৰি অজয় মূলতঃ বিহাৰৰ বাসিন্দা।
অৱশ্যে ৰিক্সাচালকজনে বন্দুক আৰু গোলাবাৰুদ কিয় লৈ আছিল সেয়া বৰ্তমান সময়লৈকে অস্পষ্ট হৈ আছে।