Local, Vocal, Global

বুলড’জাৰ চলালে মন্ত্ৰী-বিধায়কে, মোদীৰ জন্মদিনত অমৃত সৰোবৰ আঁচনিৰ শুভ উদ্বোধন

জামুগুৰিহাটঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোত জে.চি.বিৰে মাটি খান্দি সমষ্টিত প্ৰধানমন্ত্ৰী অমৃত সৰোবৰ আঁচনিৰ কামৰ শুভাৰম্ভ কৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত শনিবাৰে ১১খনকৈ আঁচনিৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে৷ বিধায়ক হাজৰিকাই উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ দুটাকৈ আঁচনিও জেচিবি চলাই মাটি খান্দি শুভাৰম্ভ কৰি কয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জেচিবি চলাই যথেষ্ট সুখী বুলি মন্তব্য কৰি অমৃত সৰোবৰ আঁচনিসমুহৰ সফল ৰূপায়ন কামনা কৰে বিধায়ক হাজৰিকাই৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আঁচনি অমৃত সৰোবৰ আঁচনিৰ শুভ উদ্বোধন কৰে অঞ্চলৰ জ্যেষ্ঠ সমাজসেৱিকা গোমা পোখ্ৰেলে৷ নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ এলেকাৰ খকনবস্তীত জে.চি.বি চলাই প্ৰথম চপৰা মাটি কাটি অমৃত সৰোবৰ আঁচনিৰ কাম শুভাৰম্ভ কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্য, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল আৰু উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে৷ অমৃত সৰোবৰ আঁচনিখনত সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে পুখুৰীৰপাৰসমূহ সুন্দৰকৈ নিৰ্মাণ কৰা, কণ-কণ ল’ৰা-ছোৱালীৰ বাবে খেলধেমালি কৰিবলৈ পাৰ্কৰ সুন্দৰ ব্যৱস্থা কৰাৰ লগতে বৃক্ষৰোপণৰ জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ প্ৰয়াস বুলি মন্তব্য কৰে উদ্বোধকসকলে৷ পুখুৰীৰপাৰত উপাৰ্জনৰ বাবে বিভিন্ন ব্যৱস্থা, হাঁহ-কুকুৰা পালন কৰাৰ ব্যৱস্থা আদি কৰি সুন্দৰ পৰিবেশ সৃষ্টি কৰি পুখুৰী নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে৷

বজালীঃ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু সাংসদ নৱ শৰণীয়াই অমৃত সৰোবৰৰ শুভাৰম্ভণি কৰে৷ জেচিবি ড্ৰাইভাৰৰ ৰূপত অসম চৰকাৰৰ মন্ত্ৰী ৰণজিত কুমাৰ দাস৷ বজালীৰ পশ্চিম কঠালমূৰীত নিজে জে.চি.বি চলাই মন্ত্ৰী ৰণজিত দাসে খান্দিলে মাটি৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অমৃত সৰোবৰ নিৰ্মাণেৰে জল সংৰক্ষণৰ সমান্তৰালকৈ মৎস্য পালনৰ দিশত এক নতুন অধ্যায় সৃষ্টিৰ লক্ষৰে অভিলাষী আঁচনি গ্ৰহণ কৰে৷ ভৱানীপুৰ বিধানসভা সমষ্টিৰ পাঁচ স্থানত অমৃত সৰোবৰৰ নির্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক ফণীধৰ তালুকদাৰ আৰু সাংসদ নৱকুমাৰ শৰণীয়া৷