জনজাতিকৰণৰ দাবীত দীঘলীয়া আন্দোলন ঘোষণা, ২৬ ছেপ্টেম্বৰত অসম বন্ধ
নিউজ ডেস্ক : জনজাতিকৰণৰ পৰা বঞ্চিত হোৱাৰ পাছতে সৰৱ হৈ পৰা ছয় জনগোষ্ঠীৰ নেতৃত্ব৷ আজি ছয় জনগোষ্ঠীৰ নেতৃত্বৰ যৌথ মঞ্চৰ এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে আন্দোলন ঘোষণা কৰিছে যৌথ মঞ্চই৷ অহা ২২ ছেপ্টেম্বৰত বিধানসভা ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে যৌথ মঞ্চই৷ ২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে মঞ্চই৷ আনহাতে ৯ অক্টোবৰত অৰ্থনৈতিক অৱৰোধ, ১৫ অক্টোবৰত ধেমাজি-লখিমপুৰত গণ সমাৱেশ, ১৫ নৱেম্বৰত দিল্লীত গণ বিক্ষোভ কৰিব৷ আনহাতে নৰেন্দ্ৰ মোদীৰ জন্মদিনত ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ নিতৌ প্ৰতিবাদ কৰিব সংগঠনসমূহে৷
ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷ ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণত অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ কেন্দ্ৰীয় চৰকাৰে ৫ খন ৰাজ্য ১২টা জনগোষ্ঠীক জনজাতীৰ মৰ্যাদা প্ৰদান কৰে৷ কিন্তু অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰে৷
উল্লেখ্য যে, অনিশ্চয়তাত সোমাই পৰে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ৷ কিয়নো ভাৰত চৰকাৰে বৃহৎ সিদ্ধান্তৰ লোৱাৰ পাছতে টাই-আহোম, চুতীয়া, মৰাণ, মটক, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীক প্ৰৱঞ্চনা কৰিলে কেন্দ্ৰীয় চৰকাৰ৷ কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছে যদিও অসমৰ ছয় জনগোষ্ঠীক বঞ্চিত কৰা হয়৷ ছত্তীছগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰপ্ৰদেশৰ ১২ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয়৷ ছত্তীছগড়ৰ আন ১১টা জনগোষ্ঠীক তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে৷
২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে৷ ২০১৪ চনত বিজেপিৰ চৰকাৰ গঠন হ’ল৷ অনুৰূপ ভাৱে ২০১৯তো বিজেপিৰে চৰকাৰ আহিল৷ কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল৷ ফলত বাৰে বাৰে ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুফল নাপালে৷
গণ অধিকাৰ সংগ্ৰাম সমিতি, আটাছু, মৰাণ ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা আদি সংগঠনে সংগ্ৰাম কৰি থকাৰ পাছতো আজিলৈ বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰিলে কেন্দ্ৰীয় চৰকাৰে৷ ২০১৭ চনৰ ৩০ জুনলৈ জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ অন্তিম সময়সীমা আছিল যদিও মডেলিটিৰ নামত তিলমানো গুৰুত্ব নিদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল ৰাজনীতিহে কৰিলে৷
যোৱা প্ৰায় দুটা দশক জুৰি ৰাজ্যৰ ভূমিপুত্ৰ ছয় জনগোষ্ঠী-টাই আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু সদিচ্ছাৰ অভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় উকলি যোৱা বুলি বাৰে বাৰে গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷