Local, Vocal, Global

পূৰ্বৰ কৰ্মীৰ চাকৰি নিয়মীয়া নকৰাকৈ নতুন নিযুক্তি নিদিবঃ আউটচ’ৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ

নিউজ ডেস্ক : আজি আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নৰ সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷ ডিফুত আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়ন নতুনকৈ কৰ্মীৰ নিযুক্তিৰ বিৰোধিতা কৰিছে৷ ডিফুত আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নে বিদ্যুৎ বিভাগে ৫ হাজাৰ নতুন কৰ্মী নিযুক্তি দিব খোজাৰ অভিযোগ আনে৷

বিদ্যুৎ বিভাগত ইতিমধ্যে ৫ হাজাৰ নিয়মীয়াকৰ্মী নিযুক্তিৰ যোজা চলোৱাৰ অভিযোগ আনি ইউনিয়নে এনে নিযুক্তি বন্ধ কৰাৰ দাবী জনাইছে৷ বছৰ বছৰ ধৰি আউটচ’ৰ্চ শ্ৰমদান কৰি আহিছে৷ পূৰ্বৰে পৰা কাম কৰি থকা কৰ্মীৰ চাকৰি নিয়মীয়া কৰাৰ দাবী জনায়৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং আৰু স্থানীয় বিধায়ক বিদ্যাচিং ইংলেঙক স্মাৰক পত্ৰ প্ৰদান কৰিছে।