জটিল ৰোগত আক্ৰান্ত দুই সন্তানৰ মাতৃ, আপোনাৰ সহায়ৰ প্ৰয়োজন
নিউজ ডেস্ক : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ শ্বাহ আলমৰ পত্নী মদিনা খাতুন বিগত প্ৰায় ৭ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। তদুপৰি বিগত ৭ বছৰ ধৰি দুই সন্তানৰ মাতৃ চিকিৎসাৰ অভাৱত বিছনাত দিন কটাব লগা হৈছে।
স্বামী শ্বাহ আলম কোনো মতে দিন হাজিৰা কৰি ঘৰখন চলাই আছে। ঘৰৰ সামগ্রী বিক্ৰী কৰি চিকিৎসাৰ কৰিছিল যদিও এতিয়ালৈ সুস্থ হৈ নুঠিল। মদিনা খাতুনৰ উন্নত চিকিৎসাৰ বাবে শকত ধনৰ প্রয়োজন।
উপায়হীন মদিনা খাতুনৰ স্বামীয়ে ৰাজ্যবাসীৰ লগতে জনিয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম, বৰপেটাৰ লোকসভাৰ সাংসদ আব্দুল খালেক, ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো সুহৃদয়বান ব্যক্তিক সহায় কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে।
ইচ্ছুক সদাশয় ব্যক্তিয়ে আত্মীয়ৰ phone pay নম্বৰ: 8638843466, paytm নম্বৰ 8638843466 নাম : ছাদ্দাম হুছেইন, পঠিয়াবলৈ নাইবা৷ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।