Local, Vocal, Global

ওপৰত চিমেণ্টৰ বস্তা, তলত সাৰ, বাংলাদেশলৈ চোৰাং সাৰৰ সৰবৰাহ অব্যাহত

নিউজ ডেস্ক : ধুবুৰীত অব্যাহত আছে সাৰৰ ক’লা বেহা৷ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু বিটিআৰৰ গোসাঁইগাঁৱৰ পৰা সাৰ মাফিয়া চক্ৰ‌ই গৌৰীপুৰৰ বিভিন্ন অঞ্চলত সৰাবৰাহ কৰিছে ইউৰিয়া সাৰ। সৰু-ডাঙৰ গাড়ীৰে গৌৰীপুৰৰ মাজেৰে বিভিন্ন ঠাইৰ লগতে নৈ পথেৰে বাংলাদেশলৈ চালান কৰা হৈছে ইউৰিয়া সাৰ।

আজি পুৱা পশ্চিমবংগৰ পৰা চোৰাং সাৰ ভৰ্তি ব’লেৰ পিক আপ ভানখন আহি থকা অৱস্থাত গৌৰীপুৰৰ ৰে’লগেটত ৰাইজে গাড়ীখন আটক কৰে। ৰাইজে আটক কৰি ব’লেৰ গাড়ীখনত সাৰ প্ৰত্যক্ষ কৰে৷ আৰক্ষীক খবৰ দিয়াত গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ AS-17-C-5881 নম্বৰৰ গাড়ীখন জব্দ কৰে। গাড়ীৰ ওপৰৰ অংশত কেইটা চিমেণ্টৰ বস্তা দি চোৰাং ইউৰিয়া সাৰ কঢ়িয়াবলৈ নতুন কৌশল অৱলম্বন কৰি চোৰাং সাৰ সৰবৰাহ অব্যাহত আছে৷