Local, Vocal, Global

অসমলৈ শান্তি আহিব! ৮ আদিবাসী বিদ্ৰোহী সংগঠনেৰে কেন্দ্ৰৰ শান্তি চুক্তি

নিউজ ডেস্ক : বৃহস্পতিবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু অসমৰ কেইবাটাও আদিবাসী বিদ্ৰোহী গোটৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰ হয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ হয়৷ আনহাতে চুক্তি কালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ মন্ত্ৰী সঞ্জয় কিষাণ, ডিজিপি ভাস্কৰজ্যোতি মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰদাস তাছাও উপস্থিত থাকে৷

ৰাজ্যখনৰ মুঠ ৮টা আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে কেন্দ্ৰীয় চৰকাৰে। নতুন দিল্লীত স্বাক্ষৰিত চুক্তিত বিৰ্চা কমাণ্ডো ফ’ৰ্চ, আদিবাসী পিপ’লছ আৰ্মি, অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মি, কোব্ৰা মিলিটাৰী অৱ আসাম আৰু ছাণ্টালি টাইগাৰ ফ’ৰ্চসহ মুঠ ৮টা বিদ্ৰোহী গোটে শান্তি চুক্তিত স্বাক্ষৰ কৰে৷

চুক্তি স্বাক্ষৰ কৰাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটো অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে। শ্বাহে কয়, ‘১,১০০ আদিবাসী যুৱক মূলসুঁতিলৈ উভতি আহিব৷ অসমলৈ শান্তি ওভতাই অনাৰ চেষ্টা কৰিছো। সকলোকে মূলসুঁতিলৈ উভতি আহিবলৈ অনুৰোধ জনাইছো৷ পুনৰ সংস্থাপন আৰু আন বিষয়বোৰ কেন্দ্ৰ আৰু অসম চৰকাৰে চোৱা-চিতা কৰিছে।’

অতিম শ্বাহে আৰু কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক ড্ৰাগছ, উগ্ৰপন্থী আৰু সীমা বিবাদৰ পৰা মুক্ত কৰিবলৈ যথা সম্ভৱ প্ৰচেষ্টা চলাইছে। মোদী চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে, সেয়া নিয়াৰিকৈ পূৰণ কৰাৰ অভিলেখ আছে। আমি উত্তৰ-পূৰ্বাঞ্চলত এতিয়ালৈকে কৰা সকলো চুক্তিৰ দ্বাৰা এই পৰ্যন্ত ৯৩ শতাংশ প্ৰতিশ্ৰুতি পূৰণ কৰিছো৷ যাৰ ফলত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰি আহিছে৷’

এই চুক্তিৰ পাছতে সৰ্বমুঠ ১,১০০ আদিবাসী যুৱকে অস্ত্ৰত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিব। চুক্তি মৰ্মে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা হ’ব। অহা পাঁচ বছৰৰ ভিতৰত উন্নয়নমূলক প্ৰকল্পৰ বাবে প্ৰায় ১,০০০ কোটি টকাৰ পেকেজ আগবঢ়োৱাৰ কথাও সদৰী কৰে কেন্দ্ৰীয় চৰকাৰে৷

উল্লেখ্য যে, ২০১২ চনত কেন্দ্ৰীয় চৰকাৰে এই সংগঠনবোৰৰ সৈতে যুদ্ধবিৰতিত স্বাক্ষৰ কৰিছিল। কিন্তু পুনৰ সংস্থাপন, অৰ্থনৈতিক কাঠামোৰ বাবে পেকেজ অবিহনে শান্তি চুক্তিয়ে পূৰ্ণতা পোৱা নাছিল৷