Local, Vocal, Global

‘চাকৰিয়ালৰ দৰমহা প্ৰতিমাহে ২০০-৩০০ বাঢ়ে, বিদ্যুতৰ মাচুলো বাঢ়িব’

নিউজ ডেস্ক : এক অদ্ভুত যুক্তি দিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ বিদ্যুত বিল বৃদ্ধিক লৈ আজৱ মন্তব্য প্ৰদান কৰি বতৰ্কিৰ সূচনা কৰিছে মন্ত্ৰী পীয়ুষে৷ আজি সংবাদমাধ্যমত মন্তব্য দি মন্ত্ৰীগৰাকীয়ে কয় ‘চৰকাৰী চাকৰিয়ালৰ দৰমহা প্ৰতিমাহে ২০০-৩০০ বাঢ়ে, বিদ্যুতৰ মাচুলো বাঢ়িব৷’ মাচুল বৃদ্ধি সন্দৰ্ভত মন্তব্য দিবলৈ গৈ চৰকাৰৰ বিৰুদ্ধে বৃদ্ধি হোৱা ক্ষোভ মৰিষণ কৰিবৈল গৈ মন্ত্ৰী হাজৰিকাই এই মন্তব্য দিয়ে৷ আনহাতে, বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বিপদহে পৰে মন্ত্ৰী পীয়ুষ৷ কিয়নো পীয়ুষৰ এই মন্তব্যৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিনামূলীয়াকৈ বিদ্যুৎ পোৱা জনপ্ৰতিনিধিয়ে মাচুল বৃদ্ধিৰ কথা বুজি নাপাব বুলি একাংশ লোকে ক’বলৈ আৰম্ভ কৰিছে৷

চাৰকাৰে কেৱল এতিয়া সাধাৰণ লোকক টুঁটুচেপা দিছে৷ যেনিয়ে তেনিয়ে এতিয়া ৰাজহ সংগ্ৰহত নামিছে চৰকাৰে৷ যান-বানৰ জৰিমনা, সুৰাৰ কৰ বৃদ্ধিৰ পাছতে এইবাৰ বিদ্যুতৰ বিল কেইবাগুণো বৃদ্ধি পাইছে৷ যাৰ বাবে ৰাজ্যত ক্ষোভৰ উদগীৰণ হৈছে৷ কোঙা হৈ পৰা ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ ৰাজ্যবাসীৰ মূৰত ৰামটাঙোন শোধাইছে বিদ্যুৎ বিভাগে৷ দুগুণ মাচুল বৃদ্ধি কৰাত ৰাজ্যত এতিয়া হাহাকাৰ লাগিছে৷ হঠাতে কেইবাগুণো বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ সৰ্বত্ৰ হাহাকাৰ লাগিছে৷ পূৰ্বে ২০০ টকা আদায় দিয়া পৰিয়াললৈ হাজাৰ টকাৰ বিল প্ৰেৰণ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ৷