মুহূৰ্ততে সংগ্ৰহ ১৬,৫৮২ টকা, আকৌ সুস্থ হ’ব গংগা
নিউজ ডেস্ক : একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাৰৰ পাছতে ফকিৰগঞ্জৰ মিলনপুৰ গাঁৱৰ গংগা প্ৰসাদ দাসক ৰাইজে দান বৰঙণি আগবঢ়াই৷
গংগা প্ৰসাদ দাসে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অবাৱত মৃত্যুৰে যুঁজি আছিল৷ দৰিদ্ৰ ঘৰৰ গংগা প্ৰসাদ দাস জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থকাৰ খবৰ প্ৰকাশৰ পাছতে বহু লোকে সহায় কৰা দেখা গৈছে৷ ৰাইজৰ বৰঙণিৰ সহায়ত জটিলৰোগত আক্রান্ত গংগা প্ৰসাদ দাসক উন্নত চিকিৎসাৰ বাবে GMCলৈ প্ৰেৰণ কৰা হৈছে।
দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জৰ মিলনপুৰ গাঁৱৰ যুৱক গংগা প্ৰসাদ দাস বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। দুখীয়া পৰিয়ালটোৱে অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিব পৰা নাছিল৷ কোনো উপায় নাপাই অসহায় হৈ বৃদ্ধ মাতৃ আৰু পত্নীয়ে চিকিৎসাৰ বাবে ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজে জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন মাধ্যমেৰে অসহায় পৰিয়ালটোক উন্নত চিকিৎসাৰ বাবে ১৬,৫৮২ টকা সাহায্য প্ৰদান কৰে৷
সেই টকাৰে আজি তেওঁক উন্নত চিকিৎসাৰ বাবে ৰাইজে গুৱাহাটী GMCলৈ পঠিয়াই দিয়ে। এই দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়োৱা সকলো দয়াবান ৰাইজক দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সভাপতি শ্বৰিফুল ইছলাম প্ৰধানীয়ে আন্তৰিক ধন্যবাদ জনায়।