Local, Vocal, Global

ঘৰে ঘৰে জ্বলিছে জুই! প্ৰচণ্ড গৰমৰ বাবেহে বিদ্যুতৰ মাচুল বৃদ্ধি

নিউজ ডেস্ক : বিজুলী বাতি নজ্বলে, কিন্তু বিদ্যুৎ বিভাগে ঘৰে ঘৰে জ্বলাইছে জুই। বিদ্যুৎ নাহেহে নাহে, কিন্তু মাচুল দুগুণলৈ আহে।

বিদ্যুৎ বিভাগৰ বিলে জ্বলাইছে ৰাজ্যখনৰ লক্ষ লক্ষ গ্ৰাহকক।


বিদ্যুতৰ বিলৰ বাবে মূৰে-কপালে হাত দিছে গ্ৰাহকে। মিটাৰ সলনি কৰাৰ পাছতে দুগুণলৈ বৃদ্ধি হৈছে বিদ্যুৎৰ মাচুল। মাহেকত ৩০০ টকা বিল দিয়া পৰিয়াললৈ প্ৰেৰণ কৰিছে ১০০০ টকাৰ বিল।



ঘৰুৱা বিদ্যুত গ্ৰাহকক লুণ্ঠন আৰম্ভ APDCLৰ। স্মাৰ্ট মিটাৰ বহুৱাই গ্ৰাহকৰ তেজ শুহিছে APDCL-এ।


ৰাজ্যজুৰি ক্ষোভ বৃদ্ধি পোৱাত APDCLৰ স্পষ্টীকৰণ। প্ৰচণ্ড গৰমৰ বাবেহে বৃদ্ধি হৈছে বিদ্যুৎ মাচুল।


প্ৰচণ্ড গৰমৰ বাবে গ্ৰাহকে বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিছে। স্মাৰ্ট মিটাৰ বহুৱালে মাচুল বৃদ্ধি নহয় বুলি দাবী।
ষ্টেটিক মিটাৰ আৰু স্মাৰ্ট মিটাৰ একেই বুলি দাবী APDCLৰ।