ষ্টেচনত ভিক্ষা খোজা শিশু-কিশোৰে পাব নতুন জীৱন! ৩১ নাবালকক উদ্ধাৰ
নিউজ ডেস্ক : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেয়ে ষ্টেচনসমূহত ভিক্ষা বৃত্তিত জড়িত শিশু-কিশোৰক উদ্ধাৰ কৰিব৷ ইতিমধ্যে RPF-এ অভিযান চলাই ৩১ জন শিশু-কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ RPFএ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচনত ১০ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চলোৱা অভিযান ৩১ নাবালকক উদ্ধাৰ কৰে। নাবালকক পৰিয়াল, অভিভাৱক, চাইল্ডলাইন, সামাজিক সংস্থাক গতাই দি নতুন জীৱন দিবলৈ প্ৰয়াস কৰিব৷ শিশু-কিশোৰৰ সুৰক্ষাকে ধৰি সকলো ব্যৱস্থা লোৱা হ’ব। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেয়ে কয় যে কাটিহাৰ ৰে’ল ষ্টেচনত ‘ননহে ফৰিস্তে অভিযান’ৰ অধীনত ভিক্ষা মাগি থকা দুই নাবালকক উদ্ধাৰ কৰা হয়।
মানৱ সৰবৰাহ, ভিক্ষাবৃত্তিত জড়িত কৰাৰ বিৰুদ্ধে চলোৱা অভিযানত কাটিহাৰ পূৱ ৰে’ল ষ্টেচনত আন ৫ নাবালকক উদ্ধাৰ কৰে। নিউ কোচবিহাৰৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিউ কোচবিহাৰ ৰে’ল ষ্টেচনত এজন নাবালকক উদ্ধাৰ কৰে৷ নিউ কোচবিহাৰত উদ্ধাৰকৃত কিশোৰজন মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে। ৰঙিয়াৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ কুইক ৰেচপন্স দলে ৰঙিয়া ৰে’ল ষ্টেচনত অনুসন্ধান চলাই ঘৰৰ পৰা পলাই অহা এজন নাবালকক উদ্ধাৰ কৰে।
১২ ছেপ্টেম্বৰৰ আন এক অভিযানত কাটিহাৰ পূৱ ষ্টেচনত ভিক্ষা মাগি থকা দুই নাবালক ল’ৰাক উদ্ধাৰ কৰে। গুৱাহাটীৰ ৰে’লৱে চাইল্ড লাইনৰ সদস্যৰ সৈতে যুটীয়াভাৱে গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই ঘৰৰ পৰা পলাই অহা দুই নাবালকক উদ্ধাৰ কৰে। নিউ জলপাইগুড়ী ষ্টেচনত ঘৰৰ পৰা পলাই অহা এগৰাকী নাবালিকাকে উদ্ধাৰ কৰে।
উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ১০ আৰু ১১ ছেপ্টেম্বৰত কাটিহাৰ, আগৰতলা, হাচিমাৰা আৰু ফালাকাটা ষ্টেচনত চলোৱা বিভিন্ন অভিযান ১৯ নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ষ্টেচনসমূহত নিয়োজিত ৰে’লৱে সুৰক্ষা বাহিনীৰ ৰে’ল পহৰাদাৰী দলে মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহজনক ব্যক্তিৰ লগতে শিশুৰ সন্দেহজনক চলাচল, সঠিক অভিভাৱক অবিহনে অকলে ভ্ৰমণ কৰা আদিৰ ক্ষেত্ৰত সতৰ্ক আৰু সংবেদনশীল হৈ থাকিবলৈ নিৰ্দেশ দিছে