Local, Vocal, Global

‘পুনৰ প্ৰতাৰণা’, জনজাতিকৰণৰ পৰা পুনৰ বঞ্চিত ৰাজ্যৰ ছয় জনগোষ্ঠী

নিউজ ডেস্ক : ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই৷ ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতীয়কৰণত অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই৷

কালি কেন্দ্ৰীয় চৰকাৰে ৫ খন ৰাজ্য ১২টা জনগোষ্ঠীক জনজাতীৰ মৰ্যাদা প্ৰদান কৰে৷ কিন্তু অসমৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অনাগত দিনত জনজাতিকৰণৰ প্ৰদান নকৰিলে ইয়াত কৈ ডাঙৰ আন্দোলন গঢ়ি তোলা হুংকাৰ প্ৰদান কৰে৷

উল্লেখ্য যে, অনিশ্চয়তাত সোমাই পৰিল অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ৷ কিয়নো ভাৰত চৰকাৰে কালি বৃহৎ সিদ্ধান্তৰ লোৱাৰ পাছতে টাই-আহোম, চুতীয়া, মৰাণ, মটক, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীক প্ৰৱঞ্চনা কৰিলে কেন্দ্ৰীয় চৰকাৰ৷ কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছে যদিও অসমৰ ছয় জনগোষ্ঠীক বঞ্চিত কৰা হয়৷ ছত্তীছগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰপ্ৰদেশৰ ১২ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয়৷ ছত্তীছগড়ৰ আন ১১টা জনগোষ্ঠীক তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে এক সংবিধান সংশোধনী বিধেয়কত অনুমোদন জনায়৷ যাৰ দ্বাৰা হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ ট্ৰেন্স-গিৰি অঞ্চলত বাস কৰা হাতী সম্প্ৰদায়ক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে কেবিনেটে ছত্তীশগড়ৰ বিঞ্জিয়া সম্প্ৰদায় আৰু তামিলনাডুৰ নাৰিকোৰাভান আৰু কুৰিভিক্কৰণ সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱতো অনুমোদন জনাইছে। কৰ্ণাটকত কাদু কুৰুবাৰ সমাৰ্থক বেট্টা-কুৰুবা সম্প্ৰদায়ক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয়৷ কিন্তু দীৰ্ঘদিনে আন্দোলন কৰি অহা অসমৰ ছয় জনগোষ্ঠীয়ে নাপালে জনজাতিৰ মৰ্যাদা৷

২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে৷ ২০১৪ চনত বিজেপিৰ চৰকাৰ গঠন হ’ল৷ অনুৰূপ ভাৱে ২০১৯তো বিজেপিৰে চৰকাৰ আহিল৷ কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল৷ ফলত বাৰে বাৰে ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুফল নাপালে৷

গণ অধিকাৰ সংগ্ৰাম সমিতি, আটাছু, মৰাণ ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা আদি সংগঠনে সংগ্ৰাম কৰি থকাৰ পাছতো আজিলৈ বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰিলে কেন্দ্ৰীয় চৰকাৰে৷ ২০১৭ চনৰ ৩০ জুনলৈ জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ অন্তিম সময়সীমা আছিল যদিও মডেলিটিৰ নামত তিলমানো গুৰুত্ব নিদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল ৰাজনীতিহে কৰিলে৷

ভাৰত চৰকাৰে প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই অসমৰ ৬ জনগোষ্ঠীৰ সাংস্কৃতিক, ভাষীক আদি নিৰ্ভৰযোগ্য তথ্য৷ এটি জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ বাবে যিমান খিনি সমল লাগে সেয়া অসম চৰকাৰে কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ক জমা দিয়া নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ মুঠৰ ওপৰত অসম চৰকাৰে বছৰৰ পাছত বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰক ৬ জনগোষ্ঠীৰ কোনো তথ্য জমা দিয়া নাই৷

দেশৰ জনজাতি আয়োগ, মহাপঞ্জীয়কৰ অনুমোদন, ৰাজ্য চৰকাৰৰ অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পাছতহে জনজাতিকৰণ হয় বুলি খোদ চৰকাৰে উল্লেখ কৰি আহিছে। অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেন্দ্ৰীয় চৰকাৰে বিচৰা কাম সমূহৰ তালিকাত যে নাই সেয়া পুনৰ ওলাই পৰিল৷

যোৱা প্ৰায় দুটা দশক জুৰি ৰাজ্যৰ ভূমিপুত্ৰ ছয় জনগোষ্ঠী-টাই আহোম, মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু সদিচ্ছাৰ অবাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় উকলি যোৱা বুলি বাৰে বাৰে গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷