দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ চিতা আনিবলৈ সাজু বিমান

নিউজ ডেস্ক : দক্ষিণ আফ্ৰিকাৰ পৰা ক্ৰয় কৰা আঠটা চিতা যি খন বিমানত ভাৰতলৈ হ’ব সেই খনত দেশৰ ৰাষ্ট্ৰীয় জন্তু বাঘৰ ছবি অংকন কৰা হৈছে।
ফটোখন ভাৰতীয় উচ্চ আয়োগে টুইটাৰত শ্বেয়াৰ কৰি শিৰোনাম দিছিল, “বাঘৰ দেশলৈ শুভেচ্ছা! দূত কঢ়িয়াই নিয়াৰ বাবে সাহসীৰ দেশত এটা বিশেষ চৰাই ।”
উল্লেখ্য যে , ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষই (NTCA) জনাইছিল নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ শ্বেওপুৰৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ ১৭ ছেপ্টেম্বৰত উৰুৱাই আনিব চিতাৰ প্ৰথমটো টোপোলা।
NTCAৰ সদস্য সচিব এছ পি যাদৱে কয়, ” আমি আঠটা চিতা পাইছো যাৰ ভিতৰত পাঁচজনী মাইকী আৰু তিনিটা মতা। আটোইকেইটাকে মধ্য প্ৰদেশৰ শ্বেওপুৰৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখা হ’ব।”
NTCA বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২-ৰ ধাৰা 38 L (1)ৰ অধীনত গঠন কৰা হৈছিল।
১৯৫২ চনত বিলুপ্ত ঘোষণা হোৱাৰ ৭০ বছৰৰ পিছত ভাৰতত ডাঙৰ মেকুৰীৰ প্ৰজাতিটো পুনৰ প্ৰৱৰ্তন কৰা হ’ব।