৬ বছৰত অসমৰ কিমান থলুৱা যুৱকে হাতত অস্ত্ৰ লৈছে জানেনে?
নিউজ ডেস্ক : ‘কা’ আন্দোলনৰ পাছৰে পৰা বহু সংখ্যক যুৱক-যুৱতী আলফা স্বাধীনলৈ গৈছে৷ ছয় বছৰত ৰাজ্যৰ যুৱক-যুৱতীৰ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ছয় বছৰত ৰাজ্যৰ যুৱক-যুৱতীৰ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ হতাশাগ্ৰস্ত যুৱক-যুৱতীয়ে বিদ্ৰোহী সংগঠনলৈ যোৱাৰ ন-ন তথ্য পোহৰলৈ অহাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খোদ সদনত উল্লেখ কৰিছে বিদ্ৰোহী সংগঠনলৈ যোৱাৰ যুৱক-যুৱতীৰ তথ্য৷ বিগত ৬ বছৰত বিদ্ৰোহী সংগঠনলৈ ১,৫৬১ যুৱক-যুৱতী৷ ছয় বছৰত অৰ্থাৎ ২০১৬ চনৰ পৰা অসমৰ ১৫০০-ৰো অধিক যুৱক-যুৱতীয়ে বিভিন্ন বিদ্ৰোহী সংগঠনত যোগদান কৰিছে। খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই তথ্য সদৰী কৰিছে।
বিধানসভাত বিৰোধী দল কংগ্ৰেছে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ২০১৬ চনৰ পৰা ৰাজ্যখনৰ মুঠ ১৫৬১ গৰাকী যুৱক-যুৱতীয়ে ৫ বেলেগ বলেগ বিদ্ৰোহী সংগঠনত যোগদান কৰিছে। সদনত মুখ্যমন্ত্ৰী শৰ্মাই দিয়া তথ্য অনুসৰি ২০১৬ চনৰ পৰা ২০২২ চনলৈ সৰ্বাধিক ৮১১ গৰাকীয এনডিএফবিত যোগদান কৰিছে। আনহাতে আলফা স্বাধীনত যোগদান কৰিছে ২০৩গৰাকী যুৱক-যুৱতীয়ে। সেইদৰে ১৬৪ গৰাকীয়ে এনএলএফবিত, ৩৫১ গৰাকীয়ে পিডিচি আৰু ৩২ গৰাকী যুৱক-যুৱতীয়ে ইউপিআৰএফত যোগদান কৰিছে৷