এটা এলিভেটৰৰ বাবেই প্ৰাণ গ’ল সাতজনকৈ লোকৰ
নিউজ ডেস্ক : বৰ্তমান সময়ত মানুহে সততে ওপৰ মহলালৈ উঠা-নমা কৰিবৰ বাবে খট খটিৰ সলনি এলিভেটৰ বা লিফটৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
বুধবাৰে গুজৰাটৰ আহমেদাবাদত এলিভেটৰ দুৰ্ঘটনাত প্ৰায় সাতজন লোক নিহত হোৱাৰ লগতে আন এজন লোক আহত হৈছে।
বাতৰি অনুসৰি, গুজৰাট বিশ্ববিদ্যালয়ৰ ওচৰৰ এস্পায়াৰ-২ নামৰ এটা অট্টালিকাত সংঘটিত হৈছিল দুৰ্ঘটনাটো।
খবৰ অনুসৰি লিফ্টটো টানি নিয়া ৰছীটো ছিঙি যোৱাৰ পিছত নিৰ্মাণাধীন ভৱনটোৰ সাত মহলাৰ উচ্চতাৰ পৰা তললৈ খহি পৰিছিল।
আনহাতে, মৃতসকল ভৱনটোৰ নিৰ্মাণ কাৰ্যত নিয়োজিত সকলো শ্ৰমিক আছিল আছিল বুলি হানিব পৰা গৈছে।
মৃতলোকসকলক, সঞ্জয়ভাই বাবুভাই নায়ক, জগদীশভাই ৰমেশভাই নায়ক, অশ্বিনভাই সোমভাই নায়ক, মুকেশ ভৰতভাই নায়ক, মুকেশভাই ভাৰতভাই নায়ক, ৰাজমল সুৰেশভাই খাৰাদি আৰু পংকজভাই শংকৰভাই খাৰাদি বুলি চিনাক্ত কৰা হৈছিল।