Local, Vocal, Global

আন বিধায়কৰ প্ৰশ্নৰ মাজতে প্ৰশ্ন, প্ৰশ্নোত্তৰ কালৰ পৰা অখিল গগৈক নিলম্বন

নিউজ ডেস্ক : সততে বিধানসভাৰ অধিবেশন চলাৰ সময়ত সদনৰ ভিতৰত বিভিন্ন বিষয়ত সৰৱ হৈ থকা অখিল গগৈক লৈ বিধাসনভা অস্বস্তিত পৰে৷ অধ্যক্ষই বাৰে বাৰে অখিল গগৈক সকীয়নি দিবলগীয়া হয়৷ শাসকপক্ষই মন্তব্য ৰাখি থকাৰ সময়তে অখিল গগৈ বাৰে বাৰে থিয় দি মন্তব্য দিয়া দেখা যায়৷

ইয়াৰ মাজতে শৰৎকালীন অধিবেশনতো আজি তেনে এক পৰিস্থিতি দেখা গ’ল৷ ফলত বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ পৰা অখিল গগৈক নিলম্বন কৰা হয়। অধ্যক্ষই মাৰ্চেল লগাই সদনৰ পৰা উলিয়াই আনে অখিল গগৈক। প্ৰশ্নোত্তৰ কালত গগৈয়ে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব খুজিছিল। অধ্যক্ষই পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব নিদিয়াৰ অভিযোগত সৰৱ হৈ পৰে অখিল গগৈ।

২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰ সময়ত কাছাৰৰ কলেজ অধ্যক্ষক কিয় আটক কৰা হৈছে বুলি কংগ্ৰেছৰ কমলাক্ষ দে পুৰকায়স্থই প্ৰশ্ন আনিছিল। সেই সময়তে অখিল গগৈয়ে ভিক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰশ্ন কৰে। ফলত সদনত স্থুলস্থূলীয়া পৰিৱেশৰ মাজতে অখিল গগৈক নিলম্বন কৰা হয়৷