Local, Vocal, Global

ঘৰৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ ভাস্কৰৰ মৃতদেহ

নিউজ ডেস্ক, ১৩ ছেপ্তেম্বৰ : ডিব্ৰুগড় জিলাৰ দুলিয়াজানত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনাৰ। এটা তলা মৰা ঘৰৰ পৰা উদ্ধাৰ হৈছে এটা মৃতদেহ।

ব্যক্তিজনক অইল ইণ্ডিয়া লিমিটেডৰ (OIL) এজন কাৰিকৰী অডিট বিষয়া ( technical audit officer) ভাস্কৰ বৰা বুলি চিনাক্ত কৰা হৈছে।

মঙলবাৰে ডিব্ৰুগড় জিলাৰ দুলিয়াজানত থকা তেওঁৰ ঘৰৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল মৃতদেহ।

আৰক্ষী আৰু অইএলৰ বিষয়াসকলৰ ভাষ্য অনুসৰি বিষয়াসকল তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত বৰাৰ ঘৰৰ মূল দুৱাৰখন বাহিৰৰ পৰা বন্ধ আছিল।

পৰৱৰ্তীসময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়।

অৱশ্যে বিষয়াজনৰ অকাল মৃত্যুৰ কাৰণ এতিয়ালৈকে জনা হোৱা নাই।

সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্আযাহত আছে।