মৃত্যুৰ কিৰিলিৰ পৰা ৰক্ষা পৰিল এখন বাস্কেটবলৰ খেলপথাৰ
নিউজ ডেস্ক, ১৩ ছেপ্তেম্বৰ : মণিপুৰ আৰক্ষীয়ে সোমবাৰে ইম্ফলৰ (Imphal) চিংজামেই চিঙ্গামাখাত (Singjamei Chingamakha) বাস্কেটবল খেলপথাৰৰ ওচৰত এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (IED) ৰোপণৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, খেত্ৰীমায়ুম ভোগেন্দ্ৰ সিং (Kshetrimayum Bhogendro Singh) নামৰ এজন ব্যক্তিক IED ৰোপণৰ সন্দৰ্ভত আটক কৰিছিল হৈছিল।
জেৰাৰ সময়ত, ব্যক্তিজনে প্ৰকাশ কৰিছিল যে তেওঁ ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ (United National Liberation Front , UNLF) এজন সক্ৰিয় কেডাৰ।
ইফালে, তেওঁৰ ওচৰৰ পৰা বহুতো বৈদ্যুতিক সামগ্ৰী জব্দ কৰা হৈছে।
পশ্চিম ইম্ফলৰ আৰক্ষী অধীক্ষক আইপিএছ শিৱকান্ত সিঙে জনায় যে, “ৰোপণ কৰা IEDত ব্যৱহৃত সঁজুলিৰ দৰে ছয়টা ইলেক্ট্ৰনিক ডিজিটেল বৰ্তনী তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে।”