Local, Vocal, Global

কোকৰাঝাৰৰ কেবিনেটত কি কি সিদ্ধান্ত ? জানিবলৈ ক্লিক কৰি পঢ়ক এই খবৰ

নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে দিছপুৰৰ বাহিৰত পঞ্চমখন কেবিনেট বৈঠক বিটিচিৰ সদৰ কোকৰাঝাৰত অনুষ্ঠিত কৰে৷ বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ ভৱনত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খোদ সংবাদমেল সম্বোধন কৰি BTRৰ মুৰব্বী প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য তথা জিএমসকলক ধন্যবাদ জ্ঞাপন কৰে।

কেবিনেটত আগন্তুক বিধানসভাৰ অধিৱেশনত বড়ো মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষাত দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বড়ো ভাষাৰ অধ্যাপক-অধ্যাপিকা নিযুক্তিৰ বাবে পূৰ্বেতে থকা নিয়ম সংশোধন কৰা আৰু বড়ো ভাষাত স্নাতকোত্তৰ হ’লেহে নিযুক্তি পাব৷ বিটিচি অঞ্চলৰ ১০খন কলেজ প্ৰাদেশিকীকৰণৰ অনুমতি দিয়া হয় আৰু বড়ো শান্তি চুক্তি অনুসৰি দৰমহা বিটিচি প্ৰশাসনে দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে৷ কমসময়ৰ ভিতৰতে আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ চুক্তি হোৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, পুৰণিকলীয়া আইন বাতিল কৰাৰ সিদ্ধান্ত লয়৷ ৪৮খন পুৰণিকলীয়া আইন বাতিল কৰা হ’ব৷ আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ বাবে এখন আইন আনিবৰ বাবে সদনত উত্থাপন কৰাৰ সিদ্ধান্ত লয়৷ জিলা আৰক্ষী দায়বদ্ধতা বিধেয়ক অনাৰ সিদ্ধান্ত লয়। যাৰ দ্বাৰা জিলা পৰ্যায়ত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ কৰিব পৰা যাব। মাৰ্ঘেৰিটাৰ কল ইণ্ডিয়াক পূৰ্ণাংগ ৰূপত পৰিচালনা কৰাৰ সিদ্ধান্ত লোৱা হয়।

পথ মেৰামতিৰ বাবে বিটিচক মুখ্যমন্ত্ৰীৰ ‘গুডইউল মিচন’ আৰম্ভ হ’ব৷ অন্তত দহটা পথ নিৰ্মাণ কৰা হ’ব৷ পথসমূহ কমেও ১০ কিলোমিটাৰৰ হ’ব৷ চলিত বৰ্ষত ২৫০ কোটি টকা পাব আৰু অহা বিত্তীয় বৰ্ষত ২৫০ কোটি দিয়াৰ ঘোষণা কৰে কেবিনেটে। ২৪-২৬ ছেপ্টেম্বৰলৈ মন্ত্ৰী আৰু বিষয়াক লৈ তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন বৈঠক আয়োজনৰ সিদ্ধান্ত।

মুখ্যমন্ত্ৰীয়ে কেবিনেটত আৰু কয় যে ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি দিয়া হ’ব। ২৩ ছেপ্টেম্বৰত জলমিত্ৰৰ নিযুক্তি, ১০ হাজাৰ পদত পুনৰ নিযুক্তি দিয়াৰ বিষয়ে জানিবলৈ APDCLত পাঁচ হাজাৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে এই বছৰতে এক লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীয়ে ৭২ হাজাৰ লোক অৰুণোদয়ৰ বাবে যোগ্য নহয় বুলি চিনাক্ত কৰাৰ লগতে ১০ অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ পুঁজি বাঢ়িব বুলি কয়৷ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড সংযুক্ত হ’ব আৰু ৫০ লাখ নতুন মানুহে বিনামূলীয়া চাউল পাব।