Local, Vocal, Global

অকল কোকৰাঝাৰৰ বাবে নহয় , সমগ্ৰ অসমৰ বাবে এই’কেবিনেট :পীয়ুষ হাজৰিকা ।

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ :- ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে কোকৰাঝাৰ চহৰত ৷ কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ৰ এ ব্ল’কৰ প্ৰেক্ষাগৃহত কাইলৈ অৰ্থাৎ ৬ ছেপ্টেম্বৰত অনুষ্টিত হব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া কেবিনেট বৈঠকক লৈ ইতিমধ্যে বিটিচি আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । তদুপৰি কেবিনেট বৈঠকক লৈ বিটিচি সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ৷ উল্লখ্য যে, কেবিনট বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে আজি অৰ্থাৎ সোমবাৰে সন্ধিয়া ভাগত ৰাজ্য চৰকাৰৰ কেবিনেট পীয়ুষ হাজৰিকা , অজন্তা নেওঁগ, জয়ন্তমল্ল বৰুৱা আদিকে ধৰি কেবাগৰাকী মন্ত্ৰী কোকৰাঝাৰত উপস্থিত হৈছে ।

আনহাতে কেবিনেট বৈঠক উপলক্ষে আজি আৱৰ্ত ভৱনত উপস্থিত হোৱা মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া কেবিনেটখন এখন গতানুগতিক কেবিনেট । প্ৰতিমাহৰ মূৰে মূৰে গুৱাহাটীৰ বাহিৰত এখন কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ইতিপূৰ্বে লোৱা হৈছিল আৰু তাৰেই আধাৰত কাইলৈ কোকৰাঝাৰত কেবিনেট বৈঠক অনুষ্ঠিত হব । কোকৰাঝাৰত অনুষ্ঠিত হোৱা কেবিনেটখন যে অকল কোকৰাঝাৰৰ বাবে সেয়া নহয় বৰং সমগ্ৰ অসমৰ বাবেই বুলি উল্লেখ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই। মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ বাবে সদায় ভাল চিন্তা কৰে আৰু কাইলৈও নিশ্চয়কৈ কোকৰাঝাৰৰ বাবে ভাল চিন্তা কৰিব বুলি তেওঁ দৃঢ়বিশ্বাসী বুলি মন্তব্য কৰে ।