মেঘালয়ৰ Nongstoinৰ সমীপত লুট অসমৰ শিল্পী দলক
নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : উদিয়মান শিল্পী Ram Kishan Dasৰ গীত এটিৰ দৃশ্যগ্ৰহণৰ বাবে মেঘালয়লৈ
যোৱা শিল্পী দলক মেঘালয়ৰ নংষ্ট্ৰেইনৰ (Nongstoin) সমীপত লুট চলালে দুৰ্বিত্তই।
নংষ্ট্ৰেইনৰ পৰা শ্বিলং যোৱা পথত সংঘটিত হৈছে এই ঘটনা।
তিনিটা দুৰ্বৃত্তই ৰঙা ৰঙৰ এল্টোৰে বাট আগচি ধৰি দাবী-ধমকিৰে শিল্পী দলটোৰ পৰা প্ৰায় ৬ হাজাৰ টকা লুট কৰে। লগতে, নৃত্য পৰিচালক মনোজ মনৰ চচমা কাঢ়ি নিয়ে দুৰ্বৃত্তই।
৯জনীয়া শিল্পীৰ দলটো গৈছিল দুখন বাহনেৰে। আনহাতে, অভিনেত্ৰী প্ৰিয়ংকা শইকীয়াও আছিল শিল্পীৰ দলটোত।
উল্লেখ্য যে, দৃশ্যগ্ৰহণৰ সময়ত উপস্থিত আছিল এটা দুৰ্বৃত্ত। দৃশ্যায়নৰ সময়ত মদ্যপান কৰি ত্ৰাসৰ সৄষ্টি কৰিছিল আৰু ম’বাইলত আবদ্ধ হৈ আছে দুৰ্বৃত্ত এটাৰ ভিডিঅ’।
সম্প্ৰতি, সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।