Local, Vocal, Global

মৃত্যুৰ পাছতো কেইবাজনকো জীৱন দান দি গ’ল বসন্ত শইকীয়াই

নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : চিকিৎসকক ভগৱানৰ এক অনন্য ৰূপ হিচাপে গণ্য কৰা হয় কিয়নো এজন চিকিৎসকে ৰোগীৰ জীৱন বচাবৰ বাবে কঠিনতকৈও কঠিন প্ৰচেষ্টা অব্যাহত ৰাখে।

কিন্তু আমাৰ সমাজত এনে কিছুমান চিকিৎসক আছে যি প্ৰতিটো সময়তে সকলোকে সহায় কৰাৰ মানসিকতা ৰাখে।

তেনে এজন চিকিৎসক হৈছে নগাঁৱৰ বিশিষ্ট চিকিৎসক বসন্ত শইকীয়া। আজি পুৱতি নিশা গুৱাহাটীত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বসন্ত শইকীয়াই।


মৃত্যুৰ পাছতো কেইবাজনকো জীৱন দান দি গ’ল বসন্ত শইকীয়াই।

মৰণোত্তৰ দেহদানৰ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰিছিল শইকীয়াই আৰু সম্প্ৰতি GMCHত সম্পন্ন হ’ব শইকীয়াৰ মৰণোত্তৰ দেহদান প্ৰক্ৰিয়া।