অসমত জুলাই মাহৰ পৰা ৩৮৬ টা জাপানীজ এনকেফেলাইটিছৰ ঘটনা পঞ্জীয়ন
নিউজ ডেস্ক, ২৫ আগষ্ট : অসমত ২০২২ বৰ্ষৰ জুলাইৰ পৰা জাপানীজ এনকেফেলাইটিছৰ (Japanese Encephalitis) ৩৮০ ৰো অধিক ঘটনা পঞ্জীয়ন কৰা হৈছিল আৰু বৰ্তমান সময়লৈকে ৮২ জন লোক প্ৰাণ হেৰুৱাইছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ প্ৰতিবেদন অনুসৰি, জুলাই মাহৰ পৰা ৩৮৬ টা JE গোচৰ পঞ্জীয়ন কৰা হৈছে।
তদুপৰি, ২৪ আগষ্টত অসমত ১ জনৰ মৃত্যু আৰু ১ টা নতুন ঘটনা ধৰা পৰিছিল। নতুন JE গোচৰটো কামৰূপৰ পৰা প্ৰতিবেদিত হৈছিল আৰু গোৱালপাৰাৰ পৰা এজনৰ মৃত্যুৰ খবৰ পোৱা গৈছিল।
জাপানীজ এনকেফেলাইটিছ (JE) হৈছে ভাইৰাছৰ ফলত হোৱা মগজুৰ জ্বৰ, যি মহৰ দ্বাৰা মানুহলৈ সংক্ৰমিত হয়।