Local, Vocal, Global

চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰট’কল ভংগৰ অভিযোগত গ্ৰেপ্তাৰ কাছাৰ কলেজৰ অধক্ষ্য

নিউজ ডেস্ক, ২১ আগষ্ট : দেওবাৰে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সময়ত প্ৰটোকল ভংগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অসমৰ শিলচৰৰ কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ।

গ্ৰেপ্তাৰ কৰা অধ্যক্ষজনক সিদ্ধাৰ্থ শংকৰ নাথ বুলি চিনাক্ত কৰা হৈছে।

কাছাৰ জিলাৰ উপায়ুক্ত (DC) ৰোহন কুমাৰ ঝাই কাছাৰ মহাবিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰাত ঘোৰ অৱহেলা দেখা পোৱাৰ পিছত নাথক এজাহাৰ দাখিল কৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল।

নাথক সোধা-পোছাৰ বাবে DC কাৰ্যালয়লৈ মাতি অনা হৈছে আৰু বৰ্তমান শিলচৰ আৰক্ষী থানাত জেৰা কৰা হৈছে।