Local, Vocal, Global

ৰহাৰ মধ্য টোপাকুছিত চঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ২১ আগষ্ট : ৰহাৰ মধ্য টোপাকুছিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

নিশাৰে পৰা নিৰুদ্দেশ হৈ থকা মাতৃ আৰু দুই সন্তানৰ মৃতদেহ উদ্ধাৰ হৈছে পুখুৰীত।

মৃতদেহ তিনিটা মাতৃ নিৰু বৰদলৈ আৰু তেওঁৰ পুত্ৰ, কন্যাৰ বুলি চিনাক্ত কৰা হৈছে।

একেটা পৰিয়ালৰে ৩ জনকৈ লোকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

কিদৰে পুখুৰীত পৰি মৃত্যু হ’ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

সম্প্ৰতি ঘটনা সন্দৰ্ভত ৰহা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।