Local, Vocal, Global

হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বানপানী আৰু ভূমিস্খলনৰ পৃথক ঘটনা

নিউজ ডেস্ক, ২০ আগষ্ট : শনিবাৰে হিমাচল প্ৰদেশত ( Himachal Pradesh) ধাৰাসাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বানপানী আৰু ভূমিস্খলনৰ পৃথক ঘটনাত ছয়জন লোক নিহত হোৱাৰ লগতে আৰু ১৩ জনলোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

বিষয়াসকলে জনোৱা অনুসৰি ৰাজ্যখনৰ হামিৰপুৰ (Hamirpur) জিলাত আকস্মিক বানপানীৰ ফলত আৱদ্ধ হৈ পৰা ২২ জন লোকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছিল।

মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত যুদ্ধকালীন পৰ্যায়ত উদ্ধাৰ অভিযান চলাই আছে।

বিষয়াসকলৰ মতে, চম্বা (Chamba) জিলাত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত তেওঁলোকৰ ঘৰ খহি পৰে। যাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়।