ত্ৰিপুৰাত শ্বহীদ BSFৰ এজন জোৱান
নিউজ ডেস্ক, ১৯ আগষ্ট : শুকুৰবাৰে ত্ৰিপুৰাত সন্দেহযুক্ত উগ্ৰপন্থী গোটৰ সৈতে হোৱা এক হিংসাত্মক গুলীচালনাৰ সময়ত এজন বিএছএফ জোৱান নিহত হয়।
মৃত জোৱানজনক গ্ৰীজেশ কুমাৰ উদয় বুলি চিনাক্ত কৰা হৈছে ।
বাতৰি অনুসৰি, ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ওচৰত সন্দেহযুক্ত উগ্ৰপন্থী গোট নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰা (National Liberation Front of Tripura, NLFT)ৰ সৈতে হোৱা আক্ৰমণৰ পিছত BSF জোৱানজন গুলীবিদ্ধ হয়।
কুমাৰক চিকিৎসাৰ বাবে আগৰতলা স্থিত আইএলএছ চিকিৎসালয়লৈ (Agartala-based ILS hospital) লৈ যোৱা হৈছিল আৰু চিকিৎসাৰ সময়ত তেওঁ মৃত্যুবৰণ কৰে।
শ্বহীদজন উত্তৰ ত্ৰিপুৰাৰ আনন্দবজাৰ (Anandabazar) আৰক্ষী থানাৰ অন্তৰ্গত চিমানাপুৰ ২ ত নিয়োজিত হৈ আছিল।
আৰক্ষীয়ে কৈছিল যে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৱে তেওঁৰ ওপৰত গুলী চালনা কৰাৰ পিছত অৰ্ধসামৰিক সৈনিকজনৰ শৰীৰত চাৰিটা গুলীয়ে আঘাত কৰিছিল।