Local, Vocal, Global

দুই সন্তানক বিষ প্ৰদান কৰি আত্মহত্যা কৰে এজন পিতৃয়ে

নিউজ ডেস্ক, ১৮ আগষ্ট : ৰাজ্যক সংঘটিত হৈছে এক কৰুণ ঘটনাৰ । নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ ডোকোহা গাঁৱত তেওঁৰ দুই সন্তানক বিষ প্ৰদান কৰি আত্মহত্যা কৰে এজন পিতৃয়ে।

খবৰ অনুসৰি, দিপুল শইকিয়া নামৰ মৃতব্যক্তিজনে তেওঁৰ পত্নীয়ে আন এজন ব্যক্তিৰ সৈতে পলাই যোৱাৰ বাবে চৰম পদক্ষেপ গ্ৰহণ কৰে।

ইফালে, শিশু দুটাক সংকটজনক অৱস্থাত ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰৱৰ্তী তদন্ত আৰম্ভ কৰে।