Local, Vocal, Global

ভাৰতীয় জনতা পাৰ্টীৰ ১১ জনীয়া সংসদীয় দলৰ বৰ্ড ঘোষণা

নিউজ ডেস্ক, ১৭ আগষ্ট : নবগঠিত বৰ্ডখনৰ নেতৃত্ব দিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাদ্দাই
বোৰ্ডখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ সৈতে গঠিত।আনহাতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানক বৰ্ডখনত অন্ত্ভুক্ত কৰা হোৱা নাই।
ইয়াৰওপৰিও, শাসকীয় দলে ১৫ জনীয়া কেন্দ্ৰীয় নিৰ্বাচনী সমিতিও গঠন কৰিছে, সমিতিখন জে পি নাড্ডাই নেতৃত্ব দিব।
সমিতিখনত প্ৰধামন্ত্ৰী মোদী, ৰাজনাথ সিং, অমিত শ্বাহ, বি এছ য়েদ্ধীয়োৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, সুধা যাদৱ, বি এল সন্তোষ,সত্যনাৰায়ণ জাতিয়া , ইকবাল সিং লালপুৰা, ভূপেন্দ্ৰ যাদৱ, দেবেন্দ্ৰ ফাডনাভিছ আৰু ওম মাথুৰ থাকিব।