তদন্তত উৎকৃষ্টতাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পদক লাভ কৰিব অসম আৰক্ষীৰ চাৰিজন কৰ্মীয়ে
নিউজ ডেস্ক, ১২ আগষ্ট : অসম আৰক্ষীৰ চাৰিজন কৰ্মীয়ে কৰ্তব্যৰত ব্যতিক্ৰমী দক্ষতাৰ বাবে স্বাধীনতা দিৱসত ‘তদন্তত উৎকৃষ্টতাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পদক’ ( ‘Union Home Minister’s Medal for Excellence in Investigation’) লাভ কৰিব।
বঁটা প্ৰাপ্ত চাৰিজন হৈছে- হোজাই আৰক্ষী অধীক্ষক (SP) বৰুণ পুৰকায়স্থ (Barun Purkayastha), কলিয়াবৰ উপ-বিভাগীয় আৰক্ষী বিষয়া (SDPO) মৃন্ময় দাস (Mrinmoy Das), উপ আৰক্ষী অধীক্ষক ৰ’জি তালুকদাৰ (Rosy Talukdar)আৰু উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়া (Narayan Saikia)।
এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিঅনুসৰি, সমগ্ৰ ভাৰতত মুঠ ১৫১ জন আৰক্ষী কৰ্মীক সন্মানীয় পদক প্ৰদান কৰা হ’ব।
ইয়াৰ ভিতৰত আছে, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, দিল্লীৰ পৰা ছয়জনকৈ; অসম, হাৰিয়ানা, উৰিষ্যাৰ পৰা চাৰিজন; মণিপুৰ, মেঘালয়, মিজোৰাম, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, পঞ্জাৱ, ত্ৰিপুৰা, উত্তৰাখণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলি, দমন আৰু দিউ, পুডুচেৰী আৰু নাগালেণ্ডৰ পৰা এজনকৈ; ঝাৰখণ্ডৰ পৰা দুজন, ছত্তীশগড়ৰ তিনিজন; ৰাজস্থান, কেৰালা, পশ্চিম বংগৰ পৰা আঠজন; বিহাৰৰ পৰা সাতজন; তামিলনাডু, তেলেংগানা, NIA, NCBৰ পৰা পাঁচজন; মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশৰ পৰা দহ; মহাৰাষ্ট্ৰৰ এঘাৰজন; আৰু CBIৰ পৰা পোন্ধৰজন।
উল্লেখ্য যে, বঁটা প্ৰাপ্ত সকলৰ ভিতৰত ২৮ গৰাকী মহিলা আৰক্ষী কৰ্মীও আছে।
অপৰাধৰ অনুসন্ধানৰ উচ্চ পেছাদাৰী মানদণ্ডৰ প্ৰচাৰ আৰু অনুসন্ধানত এনে উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ লক্ষ্যৰে এই বঁটা আৰম্ভ কৰা হৈছিল।