ৰাজ্যবাসীৰ বাবে সু-খবৰ, শুভাৰম্ভ হ’ল ৮৩ খন BLS এম্বুলেন্সৰ
নিউজ ডেস্ক, ১১ আগষ্ট : বৃহস্পতিবাৰে গুৱাহাটীৰ জনতা ভৱনত অনুষ্ঠিত এক কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮৩ খন মৌলিক জীৱন সমৰ্থন (BLS) এম্বুলেন্সৰ শুভাৰম্ভ কৰে।
এম্বুলেন্সবোৰ মৃত্যুঞ্জয় ১০৮ সেৱাৰ অধীনত flagged off কৰা হৈছিল। অনুষ্ঠানটোত অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তও উপস্থিত আছিল।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জনসাধাৰণৰ সেৱা পূৰণৰ লক্ষ্যৰে ২০০৮ চনত মৃত্যুঞ্জয় ১০৮ সেৱা ( Mrityunjoy 108) আৰম্ভ কৰা হৈছিল।
তেওঁ কয়, “আমি ২০০৮ চনত ১০৮ খন এম্বুলেন্স সেৱা আৰম্ভ কৰিছিলো। এতিয়ালৈকে, মুঠ ৮০০ খন এম্বুলেন্সে অসমৰ লোকসকলক সেৱা প্ৰদান কৰি আহিছে। তদুপৰি, প্ৰায় ১৯ লাখ গৰ্ভৱতী মহিলাই আজিলৈকে ১০৮ ৰ সুবিধা লাভ কৰিছে।”
“এই এম্বুলেন্সসমূহ অসমৰ গ্ৰাম্য আৰু নগৰঞ্চলৰ ৰোগীসকলৰ বাবে লাভজনক হ’ব আৰু ৰাজ্যখনত মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায় কৰিব।”
শৰ্মাই লগতে কয়, “অতিৰিক্ত ১৫০ খন এম্বুলেন্স অন্তৰ্ভুক্ত কৰিলে এই সেৱা আৰু বৃদ্ধি পাব। IMR বা MMR হ্ৰাস কৰাৰ দৰে মুখ্য স্বাস্থ্য মাপকাঠিবোৰ উন্নত কৰিবলৈ, সুবিধাবোৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত স্থানীয় ৰণনীতি গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ,”।