Local, Vocal, Global

ৰাজ্যত সংঘটিত হৈছে লজ্জিত ঘটনাৰ

নিউজ ডেস্ক, ২৪ জুলাই : অসমত সংঘটিত হৈছে এক লজ্জাজনক ঘটনাৰ। নিজৰ কলংক ধাকিবলৈ নিজ সন্তানক পেলাই দিলে ৰাষ্টাৰ কাষত।

দেওবাৰে অসমৰ নলবাৰীৰ ঘোগীঘোপাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা নৱজাতক কেঁচুৱা পৰি থকা অৱস্থাত পোৱা গৈছিল।

উল্লেখ্য যে, কেঁচুৱাটোক ৰাস্তাৰ কাষত কোনোবাই পেলাই দিয়াৰ সন্দেহ কৰা হৈছে।

ইফালে, ঘোগীঘোপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কেঁচুৱাটো উদ্ধাৰ কৰে আৰু তেওঁলোকে কেঁচুৱাটোক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে কৈছিল যে তেওঁলোকে সম্প্ৰতি কেঁচুৱাটোক তাত এৰি যোৱা লোকসকলক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।