Local, Vocal, Global

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২৪ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । দেওবাৰে অসমৰ নগাঁও জিলাৰ ৰহাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে কেইবাজনো লোক ।

ৰাহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙত এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই শোকাৱহ পথ দুৰ্ঘটনাটো ।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, বাছ খনৰ চালক আৰু দুজন যাত্ৰীৰ অৱস্থা গুৰুতৰ। তেওঁলোকক উপযুক্ত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে, AS-01-HC-3783 নম্বৰৰ পঞ্জীয়ন থকা যাত্ৰীবাহী বাছখন নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। আনহাতে সংঘৰ্ষৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈছে বাছখন।