পুনৰ ইতিহাস ৰচনা নীৰজ চোপ্ৰাৰ
নিউজ ডেস্ক, ২৪ জুলোই : অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই দেওবাৰে Eugeneত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ জেভলিন থ্ৰো ফাইনেলত ৰূপৰ পদক জয় কৰি পুনৰ ইতিহাস ৰচনা কৰে।
নীৰজে তেওঁৰ চতুৰ্থ প্ৰয়াসৰ থ্ৰোত ৮৮.১৩ মিটাৰ দূৰত্ব ৰেকৰ্ড কৰি দ্বিতীয় স্থান সুৰক্ষিত কৰে।
নীৰজ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলীট, আৰু বিশ্ব চেম্পিয়নশ্বিপত পদক জয় কৰা Anju Bobby Georgeৰ পিছত দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।
উল্লেখ্য যে, তেওঁ এটা ফাউল থ্ৰোৰে কাৰ্যক্ৰম আৰম্ভ কৰিছিল, আৰু তাৰ পিছত ৮২.৩৯ মিটাৰ আৰু ৮৬.৩৭ মিটাৰ আৰু অৱশেষত চতুৰ্থ প্ৰচেষ্টাত ৮৮.১৩ মিটাৰ দূৰত্ব ৰেকৰ্ড কৰিছিল।
আনহাতে, প্ৰথম স্থানটো ৯০.৫৪ মিটাৰ দূৰত্ব ৰেকৰ্ড কৰি গ্ৰেনাডাৰ ডিফেণ্ডিং চেম্পিয়ন Anderson Petersএ দখল কৰিছিল।
ইফালে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে নীৰজ চোপ্ৰাক ঐতিহাসিক ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছে। তেওঁ লিখিছিল, “আমাৰ এজন বিশিষ্ট খেলুৱৈৰ দ্বাৰা এক মহান সফলতা! World Championships ঐতিহাসিক ৰূপৰ পদক জয় কৰাৰ বাবে Neeraj Chopra অভিনন্দন। এইটো ভাৰতীয় ক্ৰীড়াৰ বাবে এক বিশেষ মুহূৰ্ত। নীৰজক তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো।”